বিগ বি অমিতাভ বচ্চনৰ বাসগৃহসহ মুম্বাইৰ তিনিটাকৈ ৰে’ল ষ্টেছনত বোমাতংক।
জানিব পৰা মতে, অমিতাভ বচ্চনৰ লগতে তিনিটাকৈ ৰে’ল ষ্টেচনত বোমা ৰখা বুলি শুকুৰবাৰে নিশা মুম্বাই আৰক্ষীক কোনোৱে ফোন যোগে খবৰ দিয়ে।
ফোন লাভ কৰাৰ পিছৰে পৰা মুম্বাই আৰক্ষীৰ মাজত লাগি যায় হাহাকাৰ।
ফোনকলত ছত্ৰপতি শিৱাজী মহাৰাজ, ভায়খলা, দাদৰ আৰু লগতে জুহুত থকা অমিতাভ বচ্চনৰ বাসগৃহত বোম ৰখা বুলি জনায়।
লগে লগে কেউখন ঠাইতে অধিক সুৰক্ষাবেষ্টনি নিয়োগ কৰা হয়।
আৰক্ষীয়ে আটাইকেইটা স্থানত সন্ধান চলায় যদিও তেনে কোনো ধৰণৰ সামগ্ৰী উদ্ধাৰ নহয়।
ইপিনে ঘটনাৰ তদন্ত চলাই মুম্বাই ক্ৰাইম ব্ৰাঞ্চে দুজন লোককো আটক কৰিবলৈ সক্ষম হৈছে।
দুয়োজন লোককে বৰ্তমানে সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।
অৱশ্যে সেয়া এক মিছা ফোনকল বুলি নিশ্চিত হৈছে যদিও বৰ্তমানে সুৰক্ষা বেষ্টনি কটকটীয়া কৰি তোলা হৈছে।









