নিউজ ডেস্কঃ গুৰুত্বপূৰ্ণ ঘাইপথৰ মাজত সৃষ্টি হোৱা গাতত একাঁঠুলৈকে পানী। পথছোৱা মেৰামতি কৰিবলৈ বাৰাম্বাৰ দাবী জনাই অহাৰ পিছতো বিভাগে কোনো গুৰুত্ব নিদিয়াত অৱশেষত পথৰ ওপৰৰ সেই পানীতেই জল সত্যাগ্ৰহত বহিল এগৰাকী কংগ্ৰেছ বিধায়িকা।
ঝাৰখণ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথ ১৩৩ৰ মেৰামতিৰ দাবীত এই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ বিধায়িকা দীপিকা পাণ্ডে সিঙে।
বিধায়িকা গৰাকীয়ে প্ৰতিবাদ সাব্যস্ত কৰি কয় যে পথ নিৰ্মাণ আৰু মেৰামতিৰ কাম কেন্দ্ৰীয় চৰকাৰৰ অধীনত আছে। মে’ মাহত এই পথটোৰ ঠিকা দিয়া হৈছিল যদিও এতিয়ালৈকে ইয়াৰ কাম আৰম্ভ হোৱা নাই৷ কিয় এতিয়াও NHAI ৰ কাম আৰম্ভ হোৱা নাই? ইয়াৰ কাম আৰম্ভ নোহোৱালৈকে আমি ইয়াৰ পৰা উঠি নাযাওঁ।
পানীৰ ওপৰত প্ৰতিবাদত বহি থকা কংগ্ৰেছ বিধায়িকা গৰাকীৰ এটা ভিডিঅ’ও ইতিমধ্যে ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা পোৱা মতে, আঁঠুলৈকে পানী জমা হোৱা এটা পথৰ ওপৰত বিধায়িকাগৰাকীয়ে বহি ৰৈছে। তেওঁৰ কাষত উপস্থিত আছে আন কেইবাজনো লোক। হাতত থকা এটা ঘটিৰে তেওঁ জলাঞ্জলি দিয়াও দেখিবলৈ পোৱা গৈছে ভিডিঅ’টোত।
#WATCH झारखंड: राष्ट्रीय राजमार्ग-133 की मरम्मत की मांग को लेकर कांग्रेस विधायक दीपिका पांडेय सिंह गोड्डा में जल सत्याग्रह पर बैठीं। pic.twitter.com/v0WIsmP7JU
— ANI_HindiNews (@AHindinews) September 21, 2022
উল্লেখ্য যে, গড্ডা জিলাৰ মৰমাৰ পৰা পিৰপাইন্তিলৈ যোৱা ১৩৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাই জীয়াতু ভুগাই আগিছে স্থানীয় নিৱাসীসকলক। পথৰ ওপৰত সৃষ্টি হোৱা প্ৰকাণ্ড গাতত পুখুৰী সদৃশ পানী জমা হোৱাত ইতিমধ্যে সংঘটিত হৈছে কেইবাটাও দুৰ্ঘটনা। যাৰ বাবে মহাগামাৰ বিধায়িকা দীপিকা পাণ্ডে সিঙে এনেদৰে পথটোৰ মেৰামতিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে।
ইফালে স্থানীয় বিজেপিৰ সাংসদ নিশিকান্ত ডুবেকো ক্ষুৰধাৰ সমালোচনা কৰে বিধায়িকাগৰাকীয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিধায়িকাগৰাকীয়ে কয় যে পথটো মেৰামতিৰ কাম ইয়াত সাংসদ নিশিকান্ত ডুবেই কৰিব লাগিছিল। এয়া ৰাজ্য চৰকাৰৰ কথা নহয়। তেওঁ ৰাজ্যৰ মুখ্যমন্ত্রী হেমন্ত ছ’ৰেনক এই বিষয়ত জ্ঞাত কৰি ৰাস্তাটো মেৰামতি কৰাৰ উপায় বিচাৰি উলিয়াবলৈ অনুৰোধ জনাইছে৷









