অসমীয়াৰাষ্ট্ৰীয়

উৎকট গৰম! সৌৰশক্তি চালিত ফেন সংলগ্ন হেলমেট পিন্ধি ৰাজপথেৰে যাত্ৰা গেৰুৱা বসনধাৰীৰ, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ ছেপ্টেম্বৰ মাহৰ উৎকট গৰমে দহিছে সমগ্ৰ দেশ। ৰ’দৰ ৰূদ্ৰমূৰ্তিৰ ভয়ত ঘৰৰ পৰা ওলাই অহাটোৱেই এতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে মানুহৰ বাবে।

কিন্তু ৰ’দ হওক বা বৰুষণ, খাটি খোৱা সকলৰ বাবে সকাহ নাই কেতিয়াও। প্ৰচণ্ড গৰমকো নেওচি নিজৰ কৰ্ম সম্পাদন কৰিবলৈ বাধ্য সাধাৰণ জনতা।

এনে সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী সাধুৰ এটা ভিডিঅ’। গেৰুৱা বস্ত্ৰ পৰিহিত দীঘল দাঢ়িৰ সন্তগৰাকী সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ অন্যতম কাৰণ হৈছে তেওঁৰ মূৰৰ পাগুৰিৰ ওপৰত পিন্ধা হেলমেটৰ সৈতে সংলগ্ন এখন সৌৰশক্তি চালিত ফেন।

image 162

উত্তৰ প্ৰদেশৰ এটা ৰাজপথত খোজ কাঢ়ি গৈ থকা ব্যক্তিজনৰ এই অনন্য ৰূপে দৃষ্টি আকৰ্ষণ কৰে আন পথিকৰ। যাৰ বাবে তেওঁৰ উদ্ভাৱন চাবলৈ পথৰ ওপৰত তেওঁৰ চৌদিশে ভিৰ কৰে অনেক লোকে।

দৰাচলতে ব্যক্তিজনে তেওঁৰ মূৰৰ পাগুৰিৰ সৈতে একেলগে সংলগ্ন কৰি লৈছিল এখন সৌৰশক্তি চালিত সৰু ফেন। তেওঁ নিজেই উদ্ভাৱন কৰা এই ফেনখনে তেওঁক উৎকট গৰমৰ মাজতো দৈনন্দিন কাৰ্য সম্পাদন কৰাত সহায় কৰা বুলি মন্তব্য কৰে।

image 163

ব্যক্তিজনে নিজে জানিবলৈ দিয়া মতে, এই ফেনখন সৌৰশক্তিৰ জৰিয়তে চাৰ্জ হৈ সন্ধিয়া ৬ বজালৈকে কাম কৰে আৰু উৎকট গৰমৰ মাজত এচাটি শীতল বতাহৰ আমেজ তেওঁ লাভ কৰিবলৈ সক্ষম হয়। ব্যক্তিজনৰ এই অনন্য উদ্ভাৱন আৰু তেওঁৰ ফটো-ভিডিঅ’ই এতিয়া সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে।