PM-CARESৰ নতুন ট্ৰাষ্টী হিচাপে মনোনীত উদ্যোগপতি ৰতন টাটা…

নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায় আৰু জৰুৰীকালীন পৰিস্থিতিত সকাহ পুঁজি (পিএম কেয়াৰছ)ৰ নতুন সদস্য হিচাপে মনোনীত কৰা হৈছে দেশৰ অন্যতম উদ্যোগপতি টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাক।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰে গঠিত পিএম-কেয়াৰছ ব’ৰ্ড অৱ ট্ৰাষ্টীৰ এখন বৈঠকৰ অধ্যক্ষতা কৰে। এই বৈঠকতে ৰতন টাটাৰ লগতে আন দুগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে- উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছ আৰু প্ৰাক্তন উপাধ্যক্ষ কাৰিয়া মুণ্ডাক পিএম কেয়াৰছৰ ট্ৰাষ্টী হিচাপে মনোনীত কৰা হয়।

image 159
PM-CARESৰ নতুন ট্ৰাষ্টী হিচাপে মনোনীত উদ্যোগপতি ৰতন টাটা... 2

ট্ৰাষ্টে পি এম কেয়াৰছক উপদেষ্টা মণ্ডলী গঠনৰ বাবেও তিনিগৰাকী ব্যক্তিৰ নাম মনোনীত কৰে। তেওঁলোকে হৈছে ক্ৰমে- ভাৰতৰ প্ৰাক্তন নিয়ন্ত্ৰক তথা মহানিৰীক্ষক ৰাজীৱ মহৰ্ষি, ইনফ’ছিছ ফাউণ্ডেশ্যনৰ প্ৰাক্তন অধ্যক্ষ সুধা মূৰ্তি আৰু টিচ ফৰ ইণ্ডিয়াৰ সহ-প্ৰতিষ্ঠাপক তথা ইণ্ডিকৰ্পছ আৰু পিৰামল ফাউণ্ডেশ্যনৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া আনন্দ শ্বাহ।

মোদীয়ে বৈঠকত কয় যে নতুন ট্ৰাষ্টী আৰু উপদেষ্টাসকলৰ অংশগ্ৰহণে ‘পিএম কেয়াৰছ ফাণ্ডৰ কাৰ্য্যকলাপৰ প্ৰতি বহল দৃষ্টিভংগী প্ৰদান কৰিব। ট্ৰাষ্টী আৰু উপদেষ্টাসকলৰ ৰাজহুৱা জীৱনৰ বিশাল অভিজ্ঞতাৰ পুঞ্জীয়ে পিএম কেয়াৰছক জনতাৰ মাজত অধিক পৰিচিত কৰাত সহায় কৰিব বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে নাগৰিকসকলক পিএম কেয়াৰছলৈ হৃদয়ৰ পৰা বৰঙণি আগবঢ়োৱাৰ বাবে প্ৰশংসা কৰে।