মৰ্মান্তিক! নিশা ডিভাইডাৰত শুই থকা ৬ জনক মহতিয়াই নিলে দ্ৰুতবেগী ট্ৰাকে, ৪ জনৰ মৃত্যু

নিউজ ডেস্কঃ পথৰ দাঁতিৰ ডিভাইডাৰত শুই থকা কেইবাজনো লোকক মহতিয়াই লৈ গ’ল দ্ৰুতবেগী ট্ৰাকে। এইবাৰ এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে পূব দিল্লীৰ সীমাপুৰি অঞ্চলত।

মঙলবাৰে মাজনিশা এখন দ্ৰুতবেগী ট্ৰাকে ডিভাইডাৰত শুই থকা ৬ জন লোকক মহতিয়াই নিয়াৰ ফলত ৪ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে বাকী দুজন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাৰ বিষয়া আৰক্ষীয়ে জানিব পৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আহত দুজনক উদ্ধাৰ কৰি জিটিবি হাস্পতালত ভৰ্তি কৰোৱায়।

image 157
মৰ্মান্তিক! নিশা ডিভাইডাৰত শুই থকা ৬ জনক মহতিয়াই নিলে দ্ৰুতবেগী ট্ৰাকে, ৪ জনৰ মৃত্যু 3

ট্ৰাকৰ চেপাত নিহত লোক কেইজনক চালিমাৰ গাৰ্ডেনৰ নিৱাসী কৰিম (৫২), ছোটে খান (২৫), শ্বাহ আলম (৩৮), আৰু সীমাপুৰীৰ নিৱাসী ৰাহুল (৪৫) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আহত দুজনৰ পৰিচয় তুলসী নিকেতনৰ বাসিন্দা মণীষ (১৬) আৰু তাহিৰপুৰৰ প্ৰদীপ (৩০) বুলি জানিব পৰা গৈছে।

image 158
মৰ্মান্তিক! নিশা ডিভাইডাৰত শুই থকা ৬ জনক মহতিয়াই নিলে দ্ৰুতবেগী ট্ৰাকে, ৪ জনৰ মৃত্যু 4

জিলা উপ-আৰক্ষী আয়ুক্ত আৰ সত্যসুন্দৰামে জনোৱা মতে, মঙলবাৰে নিশা ১:৫১ বজাত সীমাপুৰী বাছ ডিপোৰ সমীপত ডিভাইডাৰত শুই থকা ৬জন লোকক এখন ট্ৰাকে খুন্দা মৰাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে।

আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখন এৰি পলায়ন কৰে চালকজনে। অভিযুক্ত চালকজনৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।