শোকাবহ! পাকিস্তানৰ কাৰাগাৰত মৃত্যু ঘটা সৰৱজিত সিঙৰ পত্নীৰ পথ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্কঃ ভাৰতীয় চোৰাংচোৱাৰ অভিযোগত পাকিস্তানৰ কাৰাগাৰত কাৰাবন্দী হৈ থাকি তাতেই মৃত্যুক আঁকোৱালি লোৱা সৰৱজিৎ সিঙৰ পত্নীয়ে প্ৰাণ হেৰুৱায় এক পথ দুৰ্ঘটনাত।

আৰক্ষীৰ খবৰ অনুসৰি, মঙলবাৰে সৰৱজিতৰ পত্নী সুখপ্ৰীত কৌৰে স্কুটী চলাই গৈ থকা সময়ত অমৃতসৰৰ সমীপৰ ফতেহপুৰ গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। যাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়।

লগে লগে তেওঁক স্থানীয় লোকে হাস্পতালত ভৰ্তি কৰোৱায় যদিও হাস্পতালতে মৃত্যু ঘটে সুখপ্ৰীত কৌৰৰ। মঙলবাৰে তেওঁৰ গাওঁ ভিখিৱিন্দত অনুষ্ঠিত হ’ব সুখপ্ৰীতৰ শেষ অনুষ্ঠান।

image 97
শোকাবহ! পাকিস্তানৰ কাৰাগাৰত মৃত্যু ঘটা সৰৱজিত সিঙৰ পত্নীৰ পথ দুৰ্ঘটনাত মৃত্যু 3

উল্লেখ্য যে, যোৱা জুন মাহত সৰৱজিত সিঙৰ ভগ্নী দলবীৰ কৌৰৰো হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছিল। ভাতৃ পাকিস্তানত কাৰাবন্দী হৈ থকা সময়ত তেওঁৰ মুক্তিৰ দাবীত সজোৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল সৰৱজিতৰ ভগ্নীয়ে।

উল্লেখ্য যে, ১৯৯০ চনত ভুলবশতঃ ভাৰতৰ পৰা সীমা অতিক্ৰম কৰি পাকিস্তানত প্ৰৱেশ কৰিছিল সৰৱজিত। তাৰ পিছতে ভাৰতীয় চোৰাংচোৱাৰ অভিযোগত পাকিস্তান চৰকাৰে গ্ৰেপ্তাৰ কৰে পঞ্জাৱৰ সৰৱজিতক।

image 98
শোকাবহ! পাকিস্তানৰ কাৰাগাৰত মৃত্যু ঘটা সৰৱজিত সিঙৰ পত্নীৰ পথ দুৰ্ঘটনাত মৃত্যু 4

২০০৮ চনৰ ১ এপ্ৰিলত সৰৱজিত সিঙক ফাঁচী দিবলৈ আদালতে নিৰ্দেশ দিছিল যদিও আন্তঃৰাষ্ট্ৰীয় হেঁচাত তেওঁৰ ফাঁচী অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছিল।

২০১৩ চনত লাহোৰৰ এখন কাৰাগাৰত সতীৰ্থ কাৰাবন্দীসকলে আক্ৰমণ কৰাৰ পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সৰৱজিত সিং। তাৰ পিছতে একে বছৰৰ ১ মে’ত লাহোৰৰ জিন্না হাস্পতালত মৃত্যু ঘটিছিল তেওঁৰ।