নিউজ ডেস্কঃ ধাৰাসাৰ বৰষুণৰ মাজতে বোৱতী নৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। এই ভয়ংকৰ দুৰ্ঘটনাত এজন যাত্ৰী নিহত হোৱাৰ বিপৰীতে আহত হয় কুৰি জনৰো অধিক লোক।
এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় মধ্যপ্ৰদেশৰ খাৰগাঁও জিলাত।
উল্লেখ্য যে, ৰাজ্যখনৰ প্ৰায়বোৰ জিলাতে বিগত দুদিন ধৰি অব্যাহত আছে ধাৰাসাৰ বৰষুণৰ। বৰষুণৰ বাবে ইতিমধ্যে বানৰ কবলত পৰিছে বহু অঞ্চল। ঘৰ-দুৱাৰ, ঘাইপথ সকলো বানে প্লাৱিত কৰিছে।
মুষলধাৰ বৰষুণৰ এনে ভয়ংকৰ পৰিস্থিতিৰ মাজতে মঙলবাৰে খাণ্ডোৱাৰ পৰা ইন্দোৰ অভিমুখে গৈ থকা এখন যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হয়। ধাৰাসাৰ বৰষুণৰ বাবে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই সনাৱাদ-ধনগাঁৱৰ মাজৰ নৈত বাগৰি পৰে।

এই দুৰ্ঘটনাত কমেও এজন যাত্ৰীৰ মৃত্যু ঘটা বুলি নিশ্চিত কৰা হৈছে। আনহাতে দুৰ্ঘটনাত বাছখনৰ ভিতৰত থকা ২০ জন যাত্ৰী গুৰুতৰভাৱে আহত হয়।
ঘটনাস্থলীত আৰক্ষী আৰু স্থানীয় ৰাইজে আহত সকলক উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ধাৰ জিলাৰ খালঘাটত এখন যাত্ৰীবাহী বাছ নৰ্মদা নৈত বাগৰি পৰাৰ ফলত ১৩ জন যাত্ৰীৰ কৰুণ মৃত্যু ঘটিছিল।









