মাজুলীৰ বিধায়ক পদ এৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

মাজুলীৰ বিধায়কৰ পদ এৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পাছতেই মঙলবাৰে বিধানসভাৰ অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে সৰ্বানন্দ সোণোৱালে।

উল্লেখ্য যে, সোমবাৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই জয়ৰ প্ৰমাণ-পত্ৰ লাভ কৰে কৰে সৰ্বানন্দ সোণোৱালে।

ইয়াৰ পাছতেই মঙলবাৰে মাজুলীৰ বিধায়কৰ পদ ত্যাগ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

ইফালে, ভাৰতীয় নিৰ্বাচন আয়োগে বিভিন্ন কাৰণত খালী হৈ থকা আসনসমূহৰ বাবে উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছে।

image 7
মাজুলীৰ বিধায়ক পদ এৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে... 2

অসমত বিধানসভাৰ ৫ সমষ্টিৰ বাবে ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। ৰাজ্যত ১ অক্টোবৰত জাৰি হ’ব অধিসূচনা।

নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৮ অক্টোবৰ আৰু প্ৰত্যাহাৰৰ অন্তিম দিন ১৬ অক্টোবৰ।

তামুলপুৰ, মাজুলী, গোসাইগাঁও, ভৱানীপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিত হ’ব উপ-নিৰ্বাচন।

আনহাতে, ২ নৱেম্বৰত হ’ব উপনিৰ্বাচনৰ ভোট গণনা

Leave a Comment