ৰহস্যজনক! চীপ লোৱা অৱস্থাত উদ্ধাৰ বোৱাৰী দীপিকাৰ মৃতদেহ, হত্যাৰ অভিযোগ…

এক ৰহস্যজনক ঘটনা।

চীপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে বোৱাৰী দীপিকা সূত্ৰধাৰৰ(২১) মৃতদেহ।

ৰঙিয়াৰ জামতোলাত সংঘটিত হয় এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা।

জানিব পৰা মতে, দীপিকা সূত্ৰধাৰে(২১) ৰঙিয়া জামতোলা নিবাসী অংকুৰ বৈশ্যলৈ পলাই গৈ পিছত ঘৰৰ মানুহৰ সমৰ্থনত বিয়া হৈছিল।

বিয়াৰ পিছত ঘৰৰ মানুহে ঘৰত থাকিব নিদিয়াত দুয়ো ভাড়া ঘৰত থাকিছিল।

যোৱা ৬ মাহ মান আগতে যুৱকজনৰ পৰিয়ালে দুয়োকে মাতি লৈ যায় ঘৰত থকাৰ বাবে।

কিন্তু বোৱাৰী গৰাকীক শাহুয়েক নিৰুপমা বৈশ্য আৰু শহুৰ সুৰেশ বৈশ্যই সদায় যৌতুকৰ বাবে নানা ধৰণৰ কথা শুনাই আহিছিল বুলি জানিবলৈ দিয়ে বোৱাৰী গৰাকীৰ ভাতৃয়ে।

উপায়ন্তৰ হৈ দীপিকাৰ মাতৃ গৃহৰ লোকে ২০দিন মান পূৰ্বে চোফা, টেবুল আদিকে ধৰি কেইবিধমান বস্তু দিয়ে।

কিন্তু ৰহস্যজনকভাৱে সোমবাৰে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় দীপিকাৰ মৃতদেহ।

আনহাতে এই ঘটনা সন্দৰ্ভত দীপিকাৰ পিতৃ গৃহত স্বামীঘৰৰ লোকে কোনো খবৰ নিদিয়াৰ অভিযোগ তুলিছে দীপিকাৰ ভাতৃয়ে।

লগতে শহুৰ আৰু শাহুয়েকৰ ওপৰত তুলিছে দীপিকাৰ হত্যাৰ অভিযোগ।

ঘটনা সন্দৰ্ভত ইতিমধ্যে ৰঙিয়া আৰক্ষী থানাত গোচৰ তৰিছে দীপিকাৰ পিতৃগৃহৰ লোকে।

সম্প্ৰতি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Leave a Comment