নিউজ ডেস্কঃ অলপতে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰীৰ অভিযোগ তুলি নিজেই বিপদত পৰিবলগীয়া হ’ল ভিক্টৰ দাস নামৰ এগৰাকী যুৱক। টুইটাৰত অসম আৰক্ষী সঞ্চালকপ্ৰধান, বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানক টেগ কৰি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰাৰ পিছত এতিয়া মাৰাথান জেৰা চলাই থকা হৈছে ভিক্টৰক।
উল্লেখ্য যে, এটা কোচিং চেণ্টাৰ চলাই থকা বুলি জানিব পৰা ভিক্টৰ দাস নামৰ যুৱকজনে অভিযোগ উত্থাপন কৰিছিল যে বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। একাংশ প্ৰাক্তন বিধায়কে চাকৰি প্ৰদানৰ নামত প্ৰাৰ্থীৰ পৰা ৩-৮ লাখ টকা পৰ্যন্ত দাবী কৰাৰো বিস্ফোৰক অভিযোগং উত্থাপন কৰিছিল ভিক্টৰ দাসে।
যুৱকজনৰ এই অভিযোগ সম্পৰ্কীয় টুইটাৰৰ প্ৰত্যুত্তৰ দি বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে যুৱকজনক কেলেংকাৰীৰ তথ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছিল। এই সন্দৰ্ভত যুৱকজনক মাৰাথান জেৰাও চলাই আছে আৰক্ষীয়ে।
ইফালে সমগ্ৰ অভিযোগ সন্দৰ্ভত এটা স্থানীয় সংবাদ মাধ্যমৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে এয়া ভিক্টৰ দাসৰ এক পাব্লিচিটি ষ্টাণ্ট বুলিহে সন্দেহ ব্যক্ত কৰে।
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা সম্পূৰ্ণ নিকা আৰু স্বচ্ছ পদ্ধতিৰে অনুষ্ঠিত কৰা বুলি দাবী কৰি জিপি সিঙে কয় যে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হোৱাৰ নামত কোনো ধৰণৰ বিসংগতি হোৱা নাই।
এতিয়ালৈকে ভিক্টৰ দাসে উত্থাপন কৰা অভিযোগৰ কোনো ধৰণৰ তথ্য প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দি বিশেষ ডিজিপি গৰাকীয়ে কয় যে যদি যুৱকজনে তথ্য প্ৰদান কৰাত ব্যৰ্থ হয়, তেন্তে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা পৰ্যন্ত গ্ৰহণ কৰা হ’ব।
প্ৰণিধানযোগ্য যে, অলপতে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। এই পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত যাতে কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয়, তাৰ প্ৰতি কঠোৰ হৈছিল আৰক্ষী-প্ৰশাসন। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ লগতে আনকি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট পৰ্যন্ত কৰ্তন কৰা হৈছিল।
অন্যহাতে আৰক্ষীৰ জেৰাৰ পিছত নিজে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভিক্টৰ দাসে কয় যে তেওঁৰ হাতত যিখিনি তথ্য আছে, সেই সকলোখিনি প্ৰশাসনক প্ৰদান কৰিব। তেওঁ উত্থাপন কৰা অভিযোগৰ তথ্য তেওঁৰ সৈতে আছে বুলিও মন্তব্য কৰে ভিক্টৰ দাসে।
তেওঁ কয়, ‘মই ভাগৰা নাই, মই নাভাগৰো। মোৰ ওচৰত যিখিনি আছে, সেয়া মই প্ৰশাসনক দিম।’









