মৰ্মান্তিক! মন্দিৰৰ পৰা ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, ৫ জনৰ মৃত্যু, আহত ১১ জন

নিউজ ডেস্কঃ মন্দিৰৰ পৰা উভতি অহাৰ পথতে এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এটি শিশুসহ ৫ জনকৈ লোকে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন ১১ জন লোক।

এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় ৰাজস্থানৰ নগৌৰ জিলাত।

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা জয়ছালমেৰৰ ৰামদেৱৰা মন্দিৰৰ পৰা ছিকৰ জিলাৰ ৰিংগাছলৈ লোক কেইজনে এখন জীপেৰে গৈ থকা অৱস্থাত নগৌৰ জিলাৰ বুঢ়ী অঞ্চলত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে।

image 68
মৰ্মান্তিক! মন্দিৰৰ পৰা ওভতাৰ পথত ভয়ংকৰ দুৰ্ঘটনা, ৫ জনৰ মৃত্যু, আহত ১১ জন 2

দুৰ্ঘটনাৰ ফলত ৫ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ লগতে আন ১১ জন গুৰুতৰভাৱে আহত হয়। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে।

দুৰ্ঘটনাত নিহত সকলক ৰিংগাছৰ আবৱাছ গাঁৱৰ ফুলচান্দ, ৰোহিতাছ, কৌশল, ৰুকমা আৰু হেমৰাজ বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলায়।