মৰ্মান্তিক! বাইক আৰোহীক বচাবলৈ গৈ টেংকাৰৰ সৈতে মুখামুখি সংঘৰ্ষ, ৬ জনৰ কৰুণ মৃত্যু

নিউজ ডেস্কঃ ৰাজস্থানৰ চিৰোহী জিলাৰ আবু ৰোডত বুধবাৰে সন্ধিয়া এখন টেংকাৰ আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষত নিহত হয় ৬ জনকৈ লোক। বাইক আৰোহী বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই চাৰিচকীয়া বাহনখনে টেংকাৰত খুন্দা মৰাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা।

জানিব পৰা মতে, এই দুৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে টেংকাৰখনে আই কাৰ বাহনখনক বহু দূৰলৈকে চোঁচৰাই লৈ যায়। যাৰ ফলত বাহনখনত থকা ৪ যাত্ৰীৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ বিপৰীতে আন দুজনৰ মৃত্যু ঘটে হাস্পতালত।

জানিব পৰা মতে, দুৰ্ঘটনাত নিহত লোকসকলে বুধবাৰে চিৰোহীৰ স্বৰ্ণেশ্বৰ মেলা দৰ্শন কৰি বৰোদা (গুজৰাট)লৈ গৈ থকা সময়তে সন্ধিয়া প্ৰায় ৬.৪৫ বজাত ফ’ৰলেন ঘাইপথৰ ৰিকো থানা এলেকাৰ মাভাল কাটৰ সমীপত দুৰ্ঘটনা সংঘটিত হয়।

image 58
মৰ্মান্তিক! বাইক আৰোহীক বচাবলৈ গৈ টেংকাৰৰ সৈতে মুখামুখি সংঘৰ্ষ, ৬ জনৰ কৰুণ মৃত্যু 2

দুৰ্ঘটনাত নিহত সকলৰ ঘৰ ৰাজস্থানৰ পালি জিলাত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। জানিব পৰা মতে, নিহত সকলৰ ভিতৰত আছে ৪ গৰাকী পুৰুষ, এটি ১২ বছৰীয়া কিশোৰী আৰু এগৰাকী মহিলা।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চাৰিচকীয়া বাহনখনৰ সন্মুখত হঠাৎ এখন বাইক উপস্থিত হোৱাত বাইক আৰোহীক বচাবলৈ যাওতেই টেংকাৰ খনৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে।

এই দুৰ্ঘটনাত মুখ্যমন্ত্ৰী অশোক গেহলটে গভীৰ শোক ব্যক্ত কৰি নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।