এক ভয়ংকৰ পথ দুৰ্ঘটনা।
বাইক-ই ৰিক্সাৰ সংঘৰ্ষত থিতাতে নিহত এগৰাকী মহাবিদ্যালয়ৰ ছাত্ৰ।
আমিনগাঁৱৰ পৰা বৰপেটা হৈ উত্তৰ শালমাৰা সংযোগী বিকল্প ৰাজ্যিক ঘাইপথৰ উদমাৰীত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ মোশ্বাৰফ হুছেইনে।
নিহত ছাত্ৰজন বঙাইগাঁও জিলাৰ মাত্ৰাঘোলাৰ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, ছাত্রজনে জনিয়াৰ পৰা কলেজ অভিমুখে এ এছ ১৫ আৰ ২৫০১ নং পালছাৰ বাইকেৰে আহি থকাৰ পথত বামুনটাৰীৰ পৰা জনিয়া অভিমুখে যোৱা ই ৰিক্সাৰ লগত মুখামুখি সংঘৰ্ষ হয়।
ফলত মোশ্বাৰফ হুছেইন থিতাতে নিহত হোৱাৰ উপৰি ই-ৰিক্সাত থকা তিনিজন যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
মেধাৱী ছাত্ৰজনৰ অকাল মৃত্যুত কলেজৰ লগতে অঞ্চলব্যাপী পৰিছে গভীৰ শোকৰ ছাঁ পৰিছে।









