পুনৰ মাধমাৰ! পৌৰ এলেকাসমূহত বৃদ্ধি হ’ব সম্পত্তিৰ কৰ; বাৰাণ্ডা, পাকঘৰতো হ’ব কৰ আৰোপ…

ৰাজ্যৰ সাধাৰণ জনতাৰ মূৰত আন এক মাধমাৰ।

শীঘ্ৰেই পৌৰ এলেকাসমূহত বৃদ্ধি হ’ব সম্পত্তিৰ কৰ।

নিজৰ সম্পত্তিৰ হিচাপ দাখিল কৰিব লাগিব নাগৰিকে।

গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে অধিসূচনা।

১০ ছেপ্টেম্বৰৰ পূৰ্বে স্থাৱৰ সম্পত্তিৰ হিচাপ দিব লাগিব বাসিন্দাই।

ঘৰৰ প্ৰকাৰ সম্বন্ধে সবিশেষ জনাব লাগিব বাসিন্দাই।

বাৰাণ্ডা, পাকঘৰতো আৰোপ কৰা হ’ব কৰ।

পৌৰ এলেকাৰ বাসিন্দাৰ সম্পত্তিৰ তালিকা প্ৰকাশ কৰিব চৰকাৰে।

৩১ ডিচেম্বৰত প্ৰকাশ পাব সম্পত্তিৰ চূড়ান্ত তালিকা।

আগন্তুক এপ্ৰিল মাহৰ পৰা সম্পত্তিৰ কৰ বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা।