অসমীয়াৰাষ্ট্ৰীয়

মৰ্মান্তিক! বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনা, শিশুসহ নিহত একেটা পৰিয়ালৰ ৫ সদস্যৰ…

নিউজ ডেস্কঃ বিবাহ অনু্ষ্ঠানৰ পৰা উভতি অহাৰ পথতে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে একেটা পৰিলায়ৰ ৫ জনকৈ সদস্যই। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ লুধিয়ানাত।

জানিব পৰা মতে, লুধিয়ানাৰ এটা পৰিয়ালে এক বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ সময়তে পুৱতি নিশা প্ৰায় ২.৪৫ বজাত চণ্ডীগড় ৰোডৰ ফৰ্টিছ হাস্পতালৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই তেওঁলোকৰ বাহনখনে ডিভাইডাৰত খুন্দা মাৰে। তাৰ পিছতে চাৰিচকীয়া বাহনখনে এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

এই শোকাবহ দুৰ্ঘটনাত বাহনখনত থকা ৰাজেশ, সঞ্জনা (৩০), মাহী (৫), খুশী (৩) আৰু জেচমিনৰ থিতাতে মৃত্যু ঘটে। ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৰাজেশৰ পত্নী প্ৰিয়া।

image 42

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত মহিলাগৰাকীক লুধিয়ানাৰ খ্ৰীষ্টান মেডিকেল কলেজ এণ্ড হাস্পতালত ভৰ্তি কৰোৱায়। নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অধিক গতিবেগত গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

একেটা পৰিয়ালৰ ৫ জনকৈ সদস্যৰ এনেদৰে পথ দুৰ্ঘটনাত মৃত্যু ঘটা ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।