অসম

আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় গাঞ্জা ব্যৱসায়ী চক্ৰৰ মাষ্টাৰমাইণ্ড ফখৰুল ইছলাম

আৰক্ষীৰ জালত আন্তঃৰাষ্ট্ৰীয় গাঞ্জা ব্যৱসায়ী চক্ৰৰ মাষ্টাৰমাইণ্ড ফখৰুল ইছলাম।

মোৰাঝাৰ আৰু হোজাই আৰক্ষীয়ে অভিযান চলাই মোৰাঝাৰৰ বৰহাওৰৰ পৰা কুখ্যাত ফখৰুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

বিগত ৫ মাহে পলাতক হৈ আছিল ধৃত ফখৰুল ইছলাম৷

হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তৎপৰতাত মোৰাঝাৰ আৰক্ষী বিষয়া অচ্যুৎ ফুকন আৰু হোজাই আৰক্ষীৰ নেতৃত্বত গ্ৰেপ্তাৰ হয় ফখৰুল ইছলাম।

উল্লেখ্য যে, মোৰাঝাৰত যোৱা ১৮ ফেব্ৰুৱাৰীৰ সেই সময়ৰ মোৰাঝাৰৰ আৰক্ষী বিষয়ৰ কবিৰ সিং লিম্বুৱে অভিযান চলাই ৩৭ টা পেকেটত থকা ৪৫০ কেজি গাঞ্জা সহ গাঞ্জা কঢ়িয়াই নিয়া NL 01 A 2892 জব্দ কৰিছিল৷

লগতে গাঞ্জা সৰবৰাহ কৰা দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল৷

উক্ত গাঞ্জা সৰবৰাহকাৰী চক্ৰৰ মুল মাষ্টাৰমাইণ্ড ফখৰুল ইছলাম তেতিয়াৰে পৰা পলাতক হৈ আছিল৷

Leave a Reply

Your email address will not be published. Required fields are marked *