সীমা বিবাদক লৈ অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ বৈঠকঃ সমাধানৰ বাবে গঠন কৰা হ’ব তিনি সংসদীয় সমিতি…

শুকুৰবাৰে সীমান্ত বিবাদৰ অন্ত পেলাবলৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনাত মিলিত হ’ল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

দুয়োখৰ ৰাজ্যৰ মাজতে থকা আন্তঃ ৰাজ্যিক সীমাৰ বিবাদৰ অন্ত পেলাবলৈ এই বিশেষ পদক্ষেপ গ্ৰহণ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ দুয়োখন ৰাজ্যৰেই সীমা বিষয়টো আলোচনা কৰা পৰিলক্ষিত হ’ল।

গুৱাহাটীৰ এডমিনিষ্টচ্ৰেটিভ ষ্টাফ কলেজত আজি দিনৰ ১২ বজাত এই আলোচনা আৰম্ভ হয়।

আলোচনাটোত বিশেষকৈ অসম-মেঘালয় সীমান্তৰ ১২ টা অঞ্চলত সীমা বিবাদৰ বিষয়টোক লৈ বিষদভাৱে আলোচনা কৰা হয়।

ইয়াৰ পাছতে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী যৌথ সংবাদমেল সম্বোধন।

দুই ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ নেতৃত্বত গঠন হ’ব ১০জনীয়া কমিটী।

এমাহৰ ভিতৰত অঞ্চলসমূহ পৰ্যবেক্ষণ কৰি কমিটীয়ে দাখিল কৰিব প্ৰতিবেদন।

বৈঠকত সিদ্ধান্ত লোৱা অনুসৰি দুয়ো ৰাজ্যই তিনি সংসদীয় সমিতি তৈয়াৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে সীমান্ত সমস্যা থকা ১২ খন ঠাইৰ ৬ খনৰ চিনাক্ত কৰা বুলি সদৰি কৰে বৈঠকৰ অন্তত অনুষ্ঠিত হোৱা সংবাদমেলত।

উক্ত সমিটিয়ে চিনাক্ত কৰা সীমান্ত সমস্যা থকা ৬ খন ঠাই পৰ্যবেক্ষন কৰি সমস্যা সমাধানৰ বাবে কাম কৰিব।

প্ৰথমে চিনাক্ত কৰা ৬খন ঠাই হৈছে তিনিখন অসমৰ জিলাৰ আৰু তিনিখন মেঘালয়ৰ জিলাৰ।

অসমৰ- কাছাৰ জিলা, কামৰূপ মহানগৰ আৰু কামৰূপ গ্ৰাম্য।

আৰু মেঘালয়ৰ ফালৰ পৰা- পশ্চিম খাচী পাহাৰ, ৰিভয় আৰু পূৱ জয়ন্তীয়া পাহাৰ।

তাৰাবাৰী, হাঁহিম, পিলিংকাটা, গিজাং, ৰাতলাচেৰা আৰু বক্লাপাৰাত প্ৰথম পৰ্যায়ত কাম আৰম্ভ হ’ব।

Leave a Comment