অসম

ড্ৰাগছ খাবলৈ টকাৰ অভাৱ, নিজৰ আঢ়ৈ বছৰীয়া পুত্ৰক বিক্ৰী কৰিলে পাষণ্ড পিতৃয়ে…

এক নিৰ্লজ্জ ঘটনা।

এইখন অসমতে ড্ৰাগছ কিনিবৰ বাবে নিজৰ কণমানি সন্তানক বিক্ৰী কৰিলে পিতৃয়ে।

মৰিগাঁৱৰ লাহাৰীঘাটত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে ইতিমধ্যে শিশুটোক উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত পাষাণ হৃদয়ৰ পিতৃ আমিনুল হকসহ দুজন লোকক আটক কৰিছে।

আৰক্ষীয়ে জানিব দিয়া অনুসৰি পুত্ৰ সন্তানটিক ৪০ হাজাৰ টকাৰ বিনিময়ত চাজিদা বেগম নামৰ এগৰাকী মহিলাৰ ওচৰত বিক্ৰী কৰা হৈছিল।

ইপিনে ভুক্তভোগী শিশুটোৰ মাতৃয়ে কয় যে, তেওঁৰ স্বামী প্ৰায় তিনি বছৰ ধৰি অবৈধ ড্ৰাগছ ব্যৱসায়ত জড়িত।  

শিশুটোৰ মাতৃয়ে জানিব দিয়া অনুসৰি, স্বামীৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি সন্তানসহ যোৱা চাৰি মাহ ধৰি পিতৃগৃহত আশ্ৰয় লৈ আছিল তেওঁ। কিন্তু কিছুদিন পূৰ্বে নিজৰ পুত্ৰক আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ অজুহাতত শিশুটিক ঘৰলৈ লৈ আহিছিল।

কিন্তু যেতিয়া শিশুটিক ঘূৰাই দিয়া নাছিল তেতিয়া মাতৃয়ে ঘটনাটোৰ বিষয়ে অনুসন্ধান কৰাত এই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

মাতৃগৰাকীয়ে লগে লগে আৰক্ষীৰ ওচৰত এই সম্পৰ্কে এটা অভিযোগ দাখিল কৰিছিল।

আৰক্ষীয়ে ইতিমধ্যে সন্তানটো মাতৃক হস্তান্তৰ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *