নিউজ ডেস্কঃ হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী হ’লে সুখী হব এআইইউডিএফৰ প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমল। দেশত ৫ খন ৰাজধানী নিৰ্মাণ প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি চৰকাৰৰ সিদ্ধান্তক আদৰণি জনায় আজমলে।
সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে, দেশত ৫ খন ৰাজধানী হ’লে সেয়া ভাল কথা। তেতিয়া দেশৰ উন্নতি হ’ব। ৫ খন ৰাজধানী মানে ৫ গৰাকী প্ৰধানমন্ত্ৰী হব। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও তেতিয়া প্ৰধামন্ত্ৰী হব। এয়া শুভ লক্ষণ।
অসমে এতিয়ালৈকে কোনো প্ৰধানমন্ত্ৰী পোৱা নাই, কিন্তু ৫ খন ৰাজধানী হ’লে হিমন্ত বিশ্ব শৰ্মা প্ৰধানমন্ত্ৰী হব পাৰিব বুলি মন্তব্য কৰে বদৰুদ্দিন আজমলে।
ইফালে মাদ্ৰাছাক লৈ বিজেপি চৰকাৰে ৰাজনীতি কৰাৰো অভিযোগ কৰে বদৰুদ্দিন আজমলে। তেওঁ কয় যে, ৰাইজে গাঁঠিৰ ধন ব্যয় কৰি এখন মাদ্ৰাছা নিৰ্মাণ কৰে। মাদ্ৰাছাত ভাতৃত্ববোধৰ শিক্ষা দিয়া হয়, ভাতৃত্ববোধৰ শিক্ষা দিয়া হয়।
এটা পুখুৰীত এডাল বিষাক্ত সাপ সোমালে পুখুৰীটোত বিহ দি নষ্ট কৰি দিয়া নহয়, বৰং সাপডালহে বাহিৰ কৰি দিয়া হয় বুলি মন্তব্য কৰি আজমলে মাদ্ৰাছাত বুলড’জাৰ চলোৱা কাৰ্যৰ বিৰোধিতা কৰে। তেওঁ কয়, ‘এই বুলড’জাৰ অসমত নচলিব, যদি চলে উত্তৰ প্ৰদেশত চলিব।’
হিমন্ত বিশ্ব শৰ্মাই যিমানেই বিজেপি, আৰএছএছ হৈ নেদেখুৱালেও তেওঁ কেতিয়াও প্ৰকৃত আৰএছএছ নেতা হব নোৱাৰে বুলি মন্তব্য কৰে আজমলে। তেওঁ লগতে কয়, ‘প্ৰকৃত দোষী বিচাৰ কৰি যি অপাৰেশ্যন চলাই চলাওক, আমাৰ আপত্তি নাই, কিন্তু মাদ্ৰাছাত বুলড’জাৰ চলোৱাত আমাৰ আপত্তি আছে।’









