ৰাইজৰ দানেৰে নিৰ্মাণ হয় মাদ্ৰাছা, জেহাদীক আটক কৰক কিন্তু বোলড’জাৰ ৰাজনীতি নকৰিবঃ আজমল

মুৰ্গী অথবা কণী দানেৰে নিৰ্মাণ হয় মাদ্ৰাছা,জেহাদীক আটক কৰক কিন্তু বোলডজাৰ ৰাজনীতি নকৰিব

মাদ্ৰাছা উচ্ছেদক লৈ এই মন্তব্য আগবঢ়াইছে বদৰুদ্দিন আজমলে।

আজমলে কয়- মাদ্ৰাছা ৰাইজৰ টকাৰে বনোৱা হয়। মাদ্ৰাছাত ভাল শিক্ষা দিয়া হয় বাবেই ৰাইজে মাদ্ৰাছা বনায়। পুখুৰীত এটা মাছৰ বাবে গোটেই মাছখিনি মাৰি পেলাব নেকি? যদিহে কৰবাত জেহাদী পাইছে, চৰকাৰে গ্ৰেপ্তাৰ কৰক, ব্যৱস্থা লওক।

photo 2022 08 31 18 53 01
ৰাইজৰ দানেৰে নিৰ্মাণ হয় মাদ্ৰাছা, জেহাদীক আটক কৰক কিন্তু বোলড’জাৰ ৰাজনীতি নকৰিবঃ আজমল 2

তেওঁ কয়- মাদ্ৰাছা ৰাইজৰ সম্পত্তি, চৰকাৰে বনোৱা নাই। এজন মানুহ দোষী হ’লেই সম্পূৰ্ণ মাদ্ৰাছা বুলড’জাৰ লগাই ভঙাৰ যুক্তি ক’ত? এজন দুজনক গুলীয়াই মাৰি যদি জেহাদী শেষ কৰিব পাৰে কৰক, আমাৰ আপত্তি নাই। কিন্তু মাদ্ৰাছা কিয় ভাঙিছে? মাদ্ৰাছাত ভাল শিক্ষা দিয়া হয়। যদি কোনো লোকে জেহাদীক সহায় কৰিছে তেওঁক শাস্তি দিয়ক।

লগতে মোগল প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে।

তেওঁ কয়- সমষ্টিত একো কাম কৰা নাই খালেকে। ২০২৪ৰ নিৰ্বাচন আহি আছে, অলপ পাব্লিচিটি ল’বলৈ এইবোৰ কৈ থাকে। খালেক মোগল হ’বই নোৱাৰে। খালেকৰ দৰে ক’লা-চাপৰ মানুহ মোগল হ’বই নোৱাৰে। মোগল ওখ আৰু ৰঙা-বগা হয়।

উল্লেখ্য যে, বৰপেটাৰ সাংসদ আব্দুল খালেকে মোগল সন্দৰ্ভত কৰা মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।