নিউজ ডেস্কঃ কোনো এটা বস্তু সহজতে উপলব্ধ হ’লে, তাৰ আদৰ কমে! ভাৰতবাসীৰ স্বাভিমান ৰাষ্ট্ৰীয় পতাকাখন সহজতে উপলব্ধ হৈ পৰাৰ পিছত যি আশংকা কৰা হৈছিল, এতিয়া যেন সেয়াই বাস্তৱত পৰিণত হ’ল এইখন অসমতে।
যোৱা ১৫ আগষ্টত স্বাধীনতাৰ ৭৫ বৰ্ষপুতি উপলক্ষ্যে সমগ্ৰ দেশজুৰি পালন কৰা হৈছিল আজাদী কা অমৃত মহোৎসৱ। একে সময়তে হৰ ঘৰ ত্ৰিৰংগা অভিযান চলাইছিল মোডী চৰকাৰে। সেই সময়তে বজাৰত উভৈনদী হৈ পৰিছিল ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা।
যিখন পতাকাৰ বাবে এদিন শত সহস্ৰ ভাৰতীয়ই প্ৰাণ আহুতি দিছিল, যিখন পতাকা এদিন ভাৰতীয়ৰ বাবে দুৰ্লভ হোৱাৰ বাবেই তাৰ প্ৰতি এক বিশেষ অনুভৱ মানুহৰ অন্তৰে অন্তৰে বৈ আছিল, সেই পতাকাখনেই মানুহৰ হাতে হাতে উপলব্ধ হোৱাত এক শংকা ব্যক্ত কৰিছিল বহুতেই।
সেই শংকা আছিল- পতাকাখনৰ প্ৰতি থকা মানুহৰ আৱেগ হেৰায় যোৱাৰ। সেই শংকা আছিল- হাজাৰ হাজাৰ ভাৰতীয়ৰ আত্ম বলিদানৰ ফচল ৰাষ্ট্ৰীয় পতাকাখনৰ মান কমি যোৱাৰ!

অৱশেষত সেই আশংকাই সঁচা প্ৰমাণিত হ’ল অসমৰ পেঙেৰীত। আজি সমগ্ৰ দেশৰ হিন্দু ধৰ্মাৱলম্বী লোকে পালন কৰা গণেশ চতুৰ্থীৰ এটা পূজা মণ্ডপত মান হেৰুৱাই পেলালে ভাৰতীয়ৰ স্বাভিমান ৰাষ্ট্ৰীয় পতাকাখনে।
পেঙেৰীত অনুষ্ঠিত গণেশ চতুৰ্থীৰ এটা পূজা মণ্ডপ সজাবলৈ ব্যৱহাৰ কৰা হ’ল ৰাষ্ট্ৰীয় পতাকাখন। কি ভাৱি আয়োজক সমিতিয়ে পূজা মণ্ডপত ৰাষ্ট্ৰীয় পতাকা ব্যৱহাৰ কৰিলে, সেয়া স্পষ্ট নহ’লেও এতিয়া এই পূজা মণ্ডপৰ ফটো ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
সামাজিক মাধ্যমতো বিভিন্ন জনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইয়াকে লৈ। স্বাধীনতা দিৱসত চৰকাৰে চলোৱা হৰ ঘৰ ত্ৰিৰংগা অভিযানৰে এয়া ভয়ংকৰ পৰিণতি বুলি অনেকে দাবী কৰিছে। পূজাৰ পেণ্ডেল হিচাপে ত্ৰিৰংগা ব্যৱহাৰ কৰি ভাৰতীয়ৰ প্ৰকৃত দেশপ্ৰেমক চৰম অপমান কৰা পূজাৰ আয়োজক সমিতিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী কৰিছে বিভিন্নজনে।









