নিউজ ডেস্কঃ দেশত প্ৰথমবাৰৰ বাবে মুকলি হ’ল ‘ভাৰ্চুৱেল স্কুল’। বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে বুধবাৰে দিল্লীত দেশৰ প্ৰথমখন ভাৰ্চুৱেল বিদ্যালয় মুকলি কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
ভাৰ্চুৱেল বিদ্যালয় মুকলি কৰি মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ‘আমি হেপিনেছ ক্লাছেছ, দেশপ্ৰেমমূলক কাৰ্যবিধিৰ লগতে আন বহু বিশেষ বিদ্যালয় আৰম্ভ কৰিছো। লগতে আমি ট্ৰেফিক লাইটৰ তলত ভিক্ষা খোজা শিশুসকলৰ বাবে আৱাসিক বিদ্যালয়ো নিৰ্মাণ কৰিছো। ক্ৰীড়া বিশ্ববিদ্যালয়, দক্ষতা বিকাশ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। সেইদৰে আৰ্মী প্ৰিপেৰেটৰী স্কুলো আৰম্ভ কৰা হৈছে। এইবাৰ আমি দেশৰ প্ৰথমখন ভাৰ্চুৱেল স্কুলৰো আৰম্ভণি ঘটালো।’
তেওঁ লগতে কয় যে বহু অভিভাৱকে ছোৱালীক বাহিৰলৈ পঠিয়াব নিবিচাৰে। বহু কিশোৰ-কিশোৰীয়ে পেটৰ তাড়নাত কাম কৰিবলগীয়া হয়। এনে শিশু আৰু আৰু কিশোৰ-কিশোৰীয়ে এই ভাৰ্চুৱেল স্কুলত পঢ়িব পাৰে।
ডিজিটেল সংবাদমেল সম্বোধন কৰি কেজৰিৱালে কয় যে শিশুসকল শাৰীৰিকভাৱে বিদ্যালয়লৈ আহিব লাগে। কিন্তু যিসকলে বিভিন্ন কাৰণত সেয়া কৰিব নোৱাৰে, তেওঁলোকৰ বাবে এই বিদ্যালয়খনে শিক্ষাৰ ব্যৱস্থা কৰিব৷
তেওঁ আৰু কয় যে সমগ্ৰ ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই ভাৰ্চুৱেল স্কুলত নামভৰ্তি মুকলি থাকিব আৰু দক্ষতাভিত্তিক প্ৰশিক্ষণৰ লগতে NEET, CUET, JEE আদি প্ৰৱেশ পৰীক্ষাৰ বাবেও বিশেষজ্ঞসকলে শিক্ষাদান কৰিব।
এই ভাৰ্চুৱেল বিদ্যালয়ত ২০২২-২৩ বৰ্ষৰ নৱম শ্ৰেণীৰ নামভৰ্তিৰ বাবে বুধবাৰৰ পৰা আৱেদন আহ্বান কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১৩ৰ পৰা ১৮ বছৰ বয়সৰ যিকোনো শিশুৱে এই বিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
তেওঁ লগতে জানিবলৈ দিয়া মতে, এই বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা প্ৰতিজন শিক্ষাৰ্থীক এটা আইডি পাছৱৰ্ড দিয়া হ’ব, যাৰ জৰিয়তে তেওঁ ক্লাছত অংশগ্ৰহণ কৰিব পাৰিব, ডিজিটেল লাইব্ৰেৰীৰ বিষয়বস্তু লাভ কৰিব পাৰিব। এই ভাৰ্চুৱেল প্লেটফৰ্মটো গুগল আৰু স্কুল নেট ইণ্ডিয়াই তৈয়াৰ কৰিছে। এয়া এক বৈপ্লৱিক পদক্ষেপ হ’ব বুলিও তেওঁ কয়৷









