গুৰুজনাৰ নামত নিজৰ স্বাৰ্থ সিদ্ধি কৰা সকলৰ বিৰুদ্ধে পোষ্ট কৰি ৰোষত পৰিল লেখক বিপ্লৱজ্যোতি ভূঞা, কৰা হ’ল গ্ৰেপ্তাৰ

নিউজ ডেস্কঃ “শংকৰদেৱ৷ এজাক কেলেহুৱাৰ বাবে সৰ্বগুণাকৰ, এজাক অলগদ্ধৰ বাবে বিশ্ব গুৰু, এপাল নোমটেঙৰৰ বাবে অধিবেশন পাতি ৰাজহুৱা ধন খাই গাহৰিৰ দৰে নোদোকা হোৱাৰ ৰাস্তা নিৰ্মাতা, এগোঁহালি বলদৰ বাবে সত্ৰ পাতি জনজাতিক শোষণ কৰা আৰু জাতিভেদৰ মডেল হোৱা, এদল খকুৱাৰ বাবে ক্ষমতা দখলৰ তুৰুপৰ তাচ হোৱা আৰু এমুঠিমান চিন্তাশীল অসমীয়াৰ বাবে, অসমৰ মানুহৰ বাবে এজন জননেতা হোৱা মানুহ শংকৰদেৱ আজি আপোনাৰ মৰনদিবসত মোৰ লালচালাম!’’

সামাজিক মাধ্যমত এয়া আছিল এগৰাকী সচেতন নাগৰিকৰ এটা পোষ্ট। এই পোষ্টৰ আধাৰতেই শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা হ’ল তেওঁক। অভিযোগ উঠিল- এনে পোষ্টৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অপমান কৰা হৈছে।

নগাঁৱৰ ননৈৰ বিপ্লৱ জ্যোতি ভূঞা তেওঁৰ নাম। এগৰাকী সাহিত্য প্ৰেমী তথা ‘সভ্যতা’ নামৰ আলোচনীখনৰ তেওঁ সম্পাদক। ননৈ সাহিত্য পৰিষদৰ সৈতেও তেওঁ ওতোঃপ্ৰতঃভাৱে জড়িত।

image 209
গুৰুজনাৰ নামত নিজৰ স্বাৰ্থ সিদ্ধি কৰা সকলৰ বিৰুদ্ধে পোষ্ট কৰি ৰোষত পৰিল লেখক বিপ্লৱজ্যোতি ভূঞা, কৰা হ’ল গ্ৰেপ্তাৰ 4

গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনাই তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লৈ ফেচবুকত এটা লেখা পোষ্ট কৰিছিল। য’ত তেওঁ কৈছিল গুৰুজনাৰ নামত এচামে চলাই থকা বেপাৰৰ কথা। তেওঁ আক্ষেপ ব্যক্ত কৰিছিল- কিদৰে শংকৰদেৱ সমসাময়িক যুগৰ লিওনাৰ্ড’ দ্য ভিন্সিয়ে সমগ্ৰ বিশ্বত পৰিচয় লাভ কৰিছিল আৰু আমাৰ মহাপুৰুষ শংকৰদেৱক কেৱল সত্ৰৰ চাৰি বেৰৰ মাজত আৱদ্ধ কৰি ৰাখি শাসক আৰু শোষক শ্ৰেণীৰ নিজৰ স্বাৰ্থ আদায় কৰি আহিছে।

বিপ্লৱজ্যোতি ভূঞাই আক্ষেপ কৰিছিল মহাপুৰুষ শংকৰদেৱক ‘সৰ্বগুণাকৰ’, ‘বিশ্বগুৰু’ অথবা ‘ধৰ্ম প্ৰচাৰক’ পাতি এচামে কিদৰে ৰাজহুৱা ধনৰ শৰাধ কৰিছে আৰু নিজৰ স্বাৰ্থ সিদ্ধি কৰিছে। কিন্তু তাৰ বিপৰীতে মহাপুৰুষজনাৰ সাহিত্য, সংস্কৃতি আৰু জ্ঞানক বিশ্ব দৰবাৰলৈ নিয়াত তেওঁলোকে কোনোদিনে কোনো ধৰণৰ আগ্ৰহ ব্যক্ত কৰা নাই।

image 210
গুৰুজনাৰ নামত নিজৰ স্বাৰ্থ সিদ্ধি কৰা সকলৰ বিৰুদ্ধে পোষ্ট কৰি ৰোষত পৰিল লেখক বিপ্লৱজ্যোতি ভূঞা, কৰা হ’ল গ্ৰেপ্তাৰ 5

সামাজিক মাধ্যমত কৰা সেই পোষ্টটোত সেয়ে বিপ্লৱজ্যোতি ভূঞাই গুৰুজনাৰ নামত নিজৰ সুবিধা আদায় কৰা সকলক কেলেহুৱা, অলগদ্ধ, নোমটেঙৰ বা বলধ বুলি অভিহিত কৰিছে।

ইয়াতেই খৰ্গহস্ত হৈ লেখক, সমাজকৰ্মী বিপ্লৱজ্যোতি ভূঞাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল এচাম লোক। নিজকে গুৰুজনাৰ অনুগামী বুলি দাবী কৰিব বিচৰা একাংশই অভিযোগ উত্থাপন কৰিলে- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক অপমান কৰিছে এইজন নীচ, পাষণ্ড, জাতিদ্ৰোহী বিপ্লৱজ্যোতি ভূঞাই।

ইয়াৰ পৰিণতিয়ে কাৰাগাৰৰ বন্ধ কুঠৰীলৈ ঠেলি লৈ গ’ল বিপ্লৱজ্যোতি ভূঞাক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লেখক ভূঞাক। বৰ্তমান কাৰাগাৰৰ আলহী তেওঁ।

image 211
গুৰুজনাৰ নামত নিজৰ স্বাৰ্থ সিদ্ধি কৰা সকলৰ বিৰুদ্ধে পোষ্ট কৰি ৰোষত পৰিল লেখক বিপ্লৱজ্যোতি ভূঞা, কৰা হ’ল গ্ৰেপ্তাৰ 6

জাতিপ্ৰেমৰ ঢাক-ঢোল বজোৱা একাংশ অসমীয়াৰ দৃষ্টিত বিপ্লৱজ্যোতি ভূঞাই গুৰুজনাক অপমান কৰিলেও সামাজিক মাধ্যমত আন একাংশ ঠিয় দিছে তেওঁৰ পক্ষত। অনেকেই সামাজিক মাধ্যম যোগেই সজোৰে ভূঞাৰ মুক্তিৰ দাবী জনাইছে।

উল্লেখ্য যে, গুৰুজনাক অপমান কৰা বুলি অভিযোগ উত্থাপন হোৱা ফেচবুক পোষ্টটোত বিপ্লৱজ্যোতি ভূঞাই উল্লেখ কৰা মতে, গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোতে তেওঁৰ জন্ম হোৱা বাবেই তেওঁৰ নাম শংকৰ জিত ভূঞা ৰাখিছিল পিতৃ-মাতৃয়ে। সোমবাৰে শংকৰদেৱ তিৰোভাৱ তিথিৰ দিনাখনে তেওঁৱো ভৰি দিছে ৫৩ বছৰ বয়সত।