কাঠ ব্যৱসায়ীৰ জব্দকৃত বাহন মুকলি কৰি দিয়াৰ বিনিময়ত পত্নীক নৈশ যাপনৰ প্ৰস্তাৱ দি বিপদত পৰিল ৰেঞ্জাৰ

নিউজ ডেস্কঃ মহিলাক অশ্লীল প্ৰস্তাৱ দি আৰু উৎকোচ বিচাৰি গ্ৰেপ্তাৰ হ’ল বিশ্বনাথ জিলাৰ বন সংমণ্ডলৰ অধীনস্থ ডিপলোঙা বনাঞ্চলিক কার্যালয়ৰ ৰেঞ্জাৰ অজিত গগৈ।

উল্লেখ্য যে, ৰেঞ্জাৰ অজিত গগৈয়ে এগৰাকী মহিলাক অশ্লীল প্ৰস্তাৱ দিয়াৰ এটা টেলিফোনিক বাৰ্তালাপ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত।

অভিযোগ অনুসৰি, যোৱা ২০ জুনত ৰেঞ্জাৰ অজিত গগৈয়ে টৌভঙাত চোৰাং কাঠ কঢ়িয়াই অনা অৱস্থাত জব্দ কৰিছিল এখন বাহন। ইয়াৰ পিছতে বাহনখন মোকলাই দিয়াৰ বাবদ তেজপুৰৰ দোলাবাৰীৰ ৰূপকুৰীয়াৰ নিৱাসী আব্দুল খালেক নামৰ চালকজনৰ পৰা ধন দাবী কৰিছিল ৰেঞ্জাৰজনে।

photo1661866641
কাঠ ব্যৱসায়ীৰ জব্দকৃত বাহন মুকলি কৰি দিয়াৰ বিনিময়ত পত্নীক নৈশ যাপনৰ প্ৰস্তাৱ দি বিপদত পৰিল ৰেঞ্জাৰ 2

ইমানতেই ক্ষান্ত নাথাকি আব্দুল খালেকৰ পত্নী ৰহিমা বেগমকো অশ্লীল প্ৰস্তাৱ আগবঢ়ায় ৰেঞ্জাৰ অজিত গগৈয়ে। ‘কিবা এটা পাবলৈ হ’লে তুমি কিবা দিবই লাগিব’, ‘তোমাক মাতিলেই জানিবা কামটো হৈ যাব’ আদি কথা কৈ মহিলাগৰাকীক নৈশ যাপনৰ প্ৰস্তাৱ দিছিল লম্পট ৰেঞ্জাৰজনে।

আনকি তেওঁ নিজ মুখেই প্ৰকাশ কৰিছিল পূৰ্বে সংঘটিত কৰা অপকৰ্মবোৰৰ বিষয়েও। মহিলাগৰাকীক অজিত গগৈয়ে আগবঢ়োৱা এই অশ্লীল প্ৰস্তাৱৰ এটা টেলিফোনিক ক্লিপ ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

ইফালে পূৰ্ব পৰিকল্পনা অনুসৰি সোমবাৰে লম্পট ৰেঞ্জাৰজনে তেজপুৰৰ দোলাবাৰীত মহিলাগৰাকীক লগ কৰিবলৈ যাওতেই মহিলাগৰাকীৰ লগতে একাংশ ৰাইজে কৰয়াত্ত কৰি লপথপা লগায়।

অন্যহাতে ৰাইজে কৰায়ত্ত কৰা বনাঞ্চলিক বিষয়া অজিত গগৈক পিছত গতাই দিয়ে বৰঘাট আৰক্ষীয়ে। আৰক্ষীয়ে তেজপুৰ সদৰ আৰক্ষী থানাত লম্পট অজিত গগৈৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি নিশাই গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছতে মঙলবাৰে সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে অভিযুক্ত বনাঞ্চলিক বিষয়াজনক।

উল্লেখ্য যে, আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৰহিমা বেগমে এজাহাৰত উল্লেখ কৰা অনুসৰি, ২০ জুনত ৰেঞ্জাৰ গগৈয়ে টৌভঙাত চোৰাং কাঠ কঢ়িয়াই অনা অৱস্থাত জব্দ কৰিছিল এখন বাহন আৰু পিছত বাহনখন মোকোলাই দিয়াৰ নামত ধন দাবী কৰাৰ লগতে অশ্লীল প্ৰস্তাৱ আগবঢ়াইছিল।