হুৰমূৰ যাত্ৰাৰ বিষম ফল! বন্ধ ৰে’লগেট পাৰ হ’বলৈ গৈ বাইক আৰোহীৰ সৈতে ঘটিল এই ঘটনা, ভিডিঅ’ ভাইৰেল

নিউজ ডেস্কঃ এক লোমহৰ্ষক দৃশ্য। যি দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। দৃশ্যটো এটা লেভেল ক্ৰছিঙৰ।

ভাইৰেল ভিডিঅ’টোক দেখা পোৱা মতে, এটা লেভেল ক্ৰছিঙত লাহে লাহে পাৰ হৈ গৈছে এখন ৰে’ল। সেই সময়ত অসংখ্য বাইক আৰু চাইকেল আৰোহীয়ে ৰে’লখন পাৰ হোৱালৈ অপেক্ষা কৰি আছে।

যেতিয়া ৰে’লখন ৰে’লৱে ক্ৰছিং পাৰ হোৱাৰ উপক্ৰম হৈছে, তেতিয়া ৰৈ থকা বাইক আৰু চাইকেল আৰোহীসকলে অলপ অলপকৈ সন্মুখলৈ আগবাঢ়িছে। যেন সকলোৰে গন্তব্যস্থান গৈ পাবলৈ লৰালৰি লাগিছে।

photo1661862686
হুৰমূৰ যাত্ৰাৰ বিষম ফল! বন্ধ ৰে’লগেট পাৰ হ’বলৈ গৈ বাইক আৰোহীৰ সৈতে ঘটিল এই ঘটনা, ভিডিঅ’ ভাইৰেল 2

সেই সময়ত আন এখন ৰে’ল যে ৰে’ল লাইনেৰে আহি আছে, সেয়া কোনেও প্ৰত্যক্ষ কৰা নাছিল। কিন্তু যেতিয়াই দ্ৰুতবেগী ৰে’লখন প্ৰত্যক্ষ কৰে, তেতিয়াই লোকসকলে পিছুৱাই আহে।

কিন্তু এজন বাইক আৰোহীয়ে বাইকখন ঘূৰাই পিছুৱাই আহিবলৈ চেষ্টা কৰোতেই ৰে’ল লাইনৰ ওপৰত তেওঁ বাগৰি পৰে। লগে লগে ব্যক্তিজনে উঠি বাইকখন ৰে’ললাইনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰে যদিও বিফল হয়।

ব্যক্তিজনে কেইবাবাৰো নিজৰ বাইকখন ৰে’লৰ তলত পিষ্ট হোৱাৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা চলায়। কিন্তু দ্ৰুতবেগত আহি থকা ৰে’লখনে নিমিষতে মহতিয়াই লৈ যায় বাইকখন। অৱশ্যে সৌভাগ্যক্ৰমে সময় থাকোতেই নিজৰ জীৱন বচাবলৈ সক্ষম হয় ব্যক্তিজনে।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ ৰামনগৰৰ ইটাৱা লেভেল ক্ৰছিঙৰ বুলি জানিব পৰা গৈছে। ভিডিঅ’টো ভাইৰেল হৈ পৰাৰ পিছতে ব্যক্তিজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তেওঁলৈ জাননী প্ৰেৰণ কৰিছে ৰে’ল আৰক্ষীয়ে।