নিশা ছয়মাইলৰ অত্যাধুনিক ট্ৰেফিক ছিগনেল ধ্বংস কৰা উদণ্ড ডাম্পাৰ চালকক গ্ৰেপ্তাৰ…

যানবাহন আইন উলংঘাকাৰীক নাকি লগাবৰ বাবে গুৱাহাটীত যোৱা ২৩ আগষ্টত মুখ্যমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিছিল অত্যাধুনিক ট্ৰেফিক চিগনেল পইন্টৰ।

প্ৰথম অৱস্থাত মহানগৰীৰ ২০টাকৈ স্থানত আৰম্ভ কৰা এই অত্যাধুনিক ট্ৰেফিক চিগনেল পইন্টত সংযোজন কৰা হৈছিল চিচিটিভি কেমেৰা ৷

উলুবাৰীত নিয়ন্ত্ৰন কক্ষ বৃদ্ধি কৰি গুৱাহাটী বাসীৰ বাবে মুকলি কৰা এই ট্ৰেফিক চিগনেলৰ আইন ভংগ কৰিলেই জৰিমনা বিহাৰ ব্যৱস্থা কৰিছিল কামৰূপ মহানগৰ প্ৰশাসনে ৷

কিন্তু পূৰ্বৰ দৰে এতিয়াও নিশা মহানগৰৰ ৰাজপথত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম্য৷

সোমবাৰে নিশা ছয়মাইলৰ পৰা VIP সংলগ্ন পথত নতুনকৈ স্থাপন কৰা অত্যাধুনিক ট্ৰেফিক চিগনেল ভাঙি পেলাইছিল উদণ্ড ডাম্পাৰ চালকে।

image 201
নিশা ছয়মাইলৰ অত্যাধুনিক ট্ৰেফিক ছিগনেল ধ্বংস কৰা উদণ্ড ডাম্পাৰ চালকক গ্ৰেপ্তাৰ... 2

পিছে অত্যাধুনিক ট্ৰেফিক চিগনেলত বহোৱা CCTV কেমেৰাতে বন্দী হৈ ৰ’ল ডাম্পাৰে নিশা ট্ৰেফিক চিগনেল ভাঙি পেলোৱা দৃশ্য।

ইয়াৰ পিছতে মহানগৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে নিশা ট্ৰেফিক ছিগনেল ধ্বংস কৰা ডাম্পাৰখন।

লগতে ডাম্পাৰখনৰ চালক মুকালমুৱাৰ ৰামজুল আলীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষী।

ট্ৰেফিক ছিগনেল ধ্বংস কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে- AS 01 EC-0541.