লােকসেৱা আয়ােগৰ পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভেৰে উজলিল অসমৰ ছাত্ৰী দিবাংগনা

নিউজ ডেস্ক। অসমবাসীৰ বাবে ভাল খবৰ।

পুনৰ সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত উজলিল অসমৰ এগৰাকী ছাত্ৰী।

এই ছাত্ৰীগৰাকী হৈছে ডিব্ৰুগড় জিলাৰ মৰাণৰ দিবাংগনা মহন।

image 199
লােকসেৱা আয়ােগৰ পৰীক্ষাত সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভেৰে উজলিল অসমৰ ছাত্ৰী দিবাংগনা 2

কেন্দ্ৰীয় লােকসেৱা আয়ােগে অনুষ্ঠিত কৰা এনফ’ৰ্চমেণ্ট অফিচাৰ পদৰ প্ৰতিযোগিতামূলক পৰীক্ষাত দেশৰ ভিতৰতে ১৬২ সংখ্যক স্থান লাভ দিবাংগনা মহনৰ।

উল্লেখ্য যে মৰাণ নতুন নগৰৰ নিৱাসী অজয় মহনৰ কন্যা দিবাংগনা বৰ্তমান ছফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত।

দিবাংগনাৰ সফলতাত গৌৰৱান্বিত মৰাণবাসী।

উল্লেখ্য যে ২੦১১ চনত মৰাণ হায়াৰ ছেকেণ্ডৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।