অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সৰবৰাহ হয় দুষ্প্ৰাপ্য ‘পিপলি চেং’, গ্ৰেপ্তাৰ চোৰাং ব্যৱসায়ী

নিউজ ডেস্কঃ কাৰ্বি পাহাৰৰ জান-জুৰি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা দুষ্প্ৰাপ্য ‘পিপলি চেং’ (ছানা বৰকা) মাছক লৈ গঢ়ি উঠিছে এখন আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰ। অসমৰ এই অধুনালুপ্ত মাছবিধৰ সৰবৰাহৰে জড়িত এজন চোৰাং ব্যৱসায়ীক কলিয়াবৰৰ জখলাবন্ধাত স্থানীয় ৰাইজে আটক কৰাৰ পিছতে পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য।

উল্লেখ্য যে, অসমৰ পিপলি চেং বা ছানা বৰকা নামৰ মাছবিধ আন্তঃৰাষ্ট্ৰীয় বজাৰত ৮-১০ হাজাৰ টকা পৰ্যন্ত দৰত বিক্ৰী হৈ আহিছে। একাংশ দুস্কৃতিকাৰীয়ে কাৰ্বি পাহাৰৰ জান-জুৰি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যনৰ পৰা এই দুষ্প্ৰাপ্য মাছবিধৰ সৰবৰাহ কৰি আহিছে।

শেহতীয়াকৈ কলিয়াবৰৰ জখলাবন্ধাত স্থানীয় ৰাইজে ১১ টা পিপলি চেংসহ আটন কৰে মহম্মদ মাৰপ আলী নামৰ এজন চোৰাং ব্যৱসায়ীক। গোলাঘাটৰ পৰা তেজপুৰলৈ এই দুষ্প্ৰাপ্য মাছকেইটা সৰবৰাহ কৰাৰ সময়তে লোকজনৰ ওপৰত স্থানীয় ৰাইজৰ সন্দেহ ওপজাত ৰাইজে কৰায়ত্ব কৰি চোৰাং বেপাৰীটোক পিছত কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলিক কার্যালয়ৰ বনকৰ্মীক গতাই দিয়ে।

photo1661845967
অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সৰবৰাহ হয় দুষ্প্ৰাপ্য 'পিপলি চেং’, গ্ৰেপ্তাৰ চোৰাং ব্যৱসায়ী 2

জানিব পৰা মতে, দৰঙৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দুই নম্বৰ শিয়ালমাৰীত ঘৰ পিপলি চেঙৰ ধৃত চোৰাং ব্যৱসায়ী মহম্মদ মাৰপ আলীৰ। বন বিভাগে বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত লোকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। চোৰাং ব্যৱসায়ীটোৱে ১১টা পিপলি চেং মাছ কাজিৰঙাৰ পৰা সৰবৰাহ কৰিছিল বুলি বন বিভাগে জানিবলৈ দিয়ে।

ইফালে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা কটকটীয়া নিৰাপত্তাৰ মাজতো কিদৰে চোৰাং ব্যৱসায়ীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ জলভূমিৰ পৰা এই দুষ্প্ৰাপ্য মাছৰ চিকাৰ কৰিবলৈ সক্ষম হ’ল, তাক সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এই সৰবৰাহৰ আঁৰত বনকৰ্মীৰ হাত থাকিব পাৰে বুলিও সন্দেহ ব্যক্ত কৰা হৈছে।