ৰাষ্ট্ৰীয়

দিল্লীৰ বিধানসভা চৌহদত AAP বনাম BJP ! ওৰে নিশা দুয়োটা দলৰ প্ৰতিবাদ সাব্যস্ত…

দিল্লীৰ বিধানসভা চৌহদত AAP বনাম BJP।

এটাই আনটোৰ বিৰুদ্ধে অভিযোগ তুলি দিল্লী বিধানসভাৰ বাহিৰত ওৰে নিশা দুয়োটা দলৰ প্ৰতিবাদ।

বিজেপিৰ বিৰুদ্ধে আম আদমী পাৰ্টিৰ নেতা-কৰ্মীৰ প্ৰতিবাদ।

আনহাতে আপৰ বিৰুদ্ধে বিজেপিৰ নেতা কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী।

দুৰ্নীতিৰ বিৰুদ্ধে ওৰে নিশা প্ৰতিবাদ সাব্যস্ত কৰে দুয়োটি ৰাজনৈতিক দলে।

image 195

আম আদমী পাৰ্টিৰ নেতা-কৰ্মীয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰত ধৰ্ণাত বহে।

আনহাতে বিজেপি বিধায়কসকলে বিধানসভা চৌহদৰ ভিতৰত শ্বহীদ-ই-আজম ভগত সিং, ৰাজ গুৰু আৰু সুখদেৱৰ প্ৰতিমূৰ্তিৰ ওচৰত ধৰ্ণাত বহে।

আপৰ বিধায়কসকলে দিল্লীৰ লেফ্টেনেন্ট ৰাজ্যপাল বি.কে. চাক্সেনাই ২০১৬ চনত হোৱা বিমুদ্ৰাকৰণৰ দ্বাৰা কলা ধন বগা কৰাৰ অভিযোগত তেওঁৰ পদত্যাগৰ দাবী কৰে।

image 194

ইফালে বিজেপিয়ে দিল্লীৰ উপৰাষ্ট্ৰপতি মনীষ চিছোদিয়াক ২০২১–২২ৰ আবকাৰী নীতিৰ দুৰ্নীতিৰ বাবে পদত্যাগ দাবী কৰে।