শিক্ষা বস্তুটো আচলতে মোৰ কাৰণে অলপ বেলেগ, কাৰণ মই BA পাচেই নহয়ঃ জুবিন গাৰ্গ…

ৰাজ্যত চলি থকা মাধ্যম বিতৰ্কৰ মাজতে ৰাজ্যৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জুবিনে কয়- কি দোধোৰ মোধোৰ চলি আছে মই নাজানো। শিক্ষা বস্তুটো আচলতে মোৰ কাৰণে অলপ বেলেগ, কাৰণ মই BA পাচেই নহয়। কিন্তু মই এতিয়ালৈকে ১২ হাজাৰ মান কিতাপ পঢ়িছোঁ। চি এম ছাৰৰ লগত কথা পাতিম বাৰু পিছত।

শেহতীয়াভাৱে হৈ যোৱা তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিনে।

তেওঁ কয়- ভাল কথা, বহু ল’ৰা-ছোৱালীয়ে পৰীক্ষা দিছে। অনুত্তীৰ্ণ সকলক পইচা ঘূৰাই দিয়াটো ভাল পদক্ষেপ। উঠি অহা প্ৰজন্মৰ বাবে চৰকাৰে নতুন নতুন পদক্ষেপ গ্ৰহণ কৰক। উঠি অহা প্ৰজন্মক হতাশ হ’বলৈ দিব নালাগে। তেওঁলোকে আমাৰ ভৱিষ্যত।

গছৰ গুটি ভাল হ’লে গছজোপা ভাল হ’বই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে জুবিনে।

ইপিনে CAA আন্দোলন সন্দৰ্ভত জুবিনে কয় যে, CAA আন্দোলনৰ প্ৰতি সমৰ্থন আছে যদিও এইবাৰ CAA আন্দোলনত ভাগ নলও। আন্দোলন কৰিলে বহুত বেছি হূলস্থুল হৈ যায়।