শিক্ষাৰ্থীক উদ্দেশ্যি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ আহ্বান।
দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ মাতৃভাষা সংৰক্ষণ কৰাৰ বাবে অনুৰোধ জনোৱাৰ লগতে তেওঁলোকক ঘৰুৱা কথা-বতৰাত মাতৃভাষা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
অমিত শ্বাহে জনায় যে, বৰ্তমান চৰকাৰে শিক্ষা ক্ষেত্ৰত ইঞ্জিনীয়াৰিং, টেকনিকেল আৰু মেডিকেল পাঠ্যক্ৰম স্থানীয় ভাষাত প্ৰচাৰ কৰিছে।
গৃহমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ গান্ধীনগৰস্থিত ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ প্ৰথমখন সমাৱৰ্তনত স্নাতক ডিগ্ৰীৰ ছাত্ৰসকলক সম্বোধন কৰোতে এইদৰে কয়।
অমিত শ্বাহে উক্ত অনুষ্ঠানত ভাষণ দি কয়, ‘নিজৰ ভাষা সংৰক্ষণ কৰক। আপোনালোকলৈ মোৰ এইটোৱে অনুৰোধ যে ঘৰত নিজৰ ভাষা কওঁক, লিখক আৰু পঢ়ক।
গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ চমুকৈ NEPৰ বিষয়ে কয় যে, ইয়াৰ এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে দেশৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ কথা বিবেচনা কৰি এখন নতুন পাঠ্যক্ৰম সৃষ্টি কৰা আৰু বিশ্ববিদ্যালয় স্থাপন কৰা যাতে যুৱচামক উন্নয়নৰ সৈতে সংযোগ কৰিব পৰা যায়।
NEPএ ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ ভিত্তিত যুৱচামক জ্ঞান আৰু দক্ষতা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলি মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে।









