বন বিষয়াৰ নিৰ্লজ্জ কাণ্ডঃ জব্দ কৰা বাহন মোকলাই দিয়াৰ নামত চালকৰ পত্নীক দিলে নৈশ যাপনৰ প্ৰস্তাৱ

এগৰাকী বন বিভাগৰ বিষয়াৰ নিৰ্লজ্জ কাণ্ড।

জব্দ কৰা বাহন মোকলাই দিয়াৰ নামত চালকৰ পত্নীক দিলে নৈশ যাপনৰ প্ৰস্তাৱ।

তেজপুৰ বন বিভাগৰ বিষয়া অজিত গগৈয়ে সংঘটিত কৰিছে এই অশ্লীল কাণ্ড।

ঘটনাৰ পাছতে তেজপুৰ দোলাবাৰীত উত্তেজিত ৰাইজে আৱদ্ধ কৰিলে লম্পট ৰেঞ্জাৰক।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, জুন মাহৰ ২০ তাৰিখে দিপলোঙা ৰেঞ্জৰ অন্তৰ্গত টৌ ভঙা দলঙৰ ওপৰত AS 12CC 0386 নম্বৰৰ বলেৰ’ পিক আপ বাহন খনেৰে কাঠ কঢ়িয়াই অনাৰ সময়তে বন বিভাগৰ হাতত জব্দ হয়।

পিচত কাঠৰ গৰাকীৰ লগত প্ৰথমে এক লাখ টকা দাবী কৰিছিল যদিও ৭০ হাজাৰ টকাৰ বিনিময়ত মান্তি হৈছিল ৰেঞ্জাৰ অজিত গগৈ।

সেই সময়ত কাঠৰ গৰাকীৰ হাতত খকা ৫৪ হাজাৰ টকা লগে লগে আদায় দিয়ে যদিও বাকী ৰৈ যায় ১৬ হাজাৰ টকা৷

বাকি থকা সেই ১৬ হাজাৰৰ বিনিময়ত ৰেঞ্জাৰ গগৈয়ে বন্ধকত ৰাখি থৈ দিয়ে দুটাকৈ মবাইল ফোন৷ পিচত ১৬ হাজাৰ টকা দি মবাইল উদ্ধাৰ কৰিলে যদিও ৰৈ গ’ল বলেৰ’ পিকাপ খন ৷

বলেৰ’ গাড়ী খন মোকলাই দিবলৈ লম্পট ৰেঞ্জাৰ গগৈয়ে চালক আব্দুল মালেকৰ পত্নী তথা দুটি সন্তানৰ মাতৃ ৰহিমা বেগমক ফোন যোগে দিলে দুনিশা যাপনৰ প্ৰস্তাৱ।

লম্পট ৰেঞ্জাৰৰ টেলিফোনত ৰেকৰ্ডিং হোৱা সকলো কথা স্থানীয় একাংশ লোকৰ আগত প্ৰকাশ কৰাত খৰ্গহস্ত হৈ পৰে সকলো।

ইয়াৰ পিছতে দিপলোঙা ৰেঞ্জৰ ৰেঞ্জাৰ অজিত গগৈৰ বিৰুদ্ধে চালকৰ পত্নীগৰকীয়েৰ থানাত এজাহাৰ দাখিল কৰে৷

চালক গৰাকীৰ পত্নীৰ এজাহাৰৰ পাছতে আৰক্ষীয়ে সেই এজাহাৰৰ ভিত্তিত আটক কৰে ৰেঞ্জাৰ অজিত গগৈক।