নিউজ ডেস্কঃ বিশ্ববিদ্যালয় অনুদান আয়োগ চমুকৈ ইউজিচিয়ে শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তত চলি থকা ২১ খন ভুৱা বিশ্ববিদ্যালয়ৰ এখন তালিকা প্ৰকাশ কৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শৈক্ষিক মহলত। ইউজিচিৰ আইন উলংঘা কৰি দীৰ্ঘদিন ধৰি চলি অহা এই ভুৱা বিশ্ববিদ্যালয় কেইখনে কোনো ধৰণৰ ডিগ্ৰী প্ৰদান কৰিব নোৱাৰে বুলিও স্পষ্ট কৰি দিছে বিশ্ববিদ্যালয় অনুদান আয়োগে।
উল্লেখ্য যে, ইউজিচিৰ অফিচিয়েল ৱেবচাইটত প্ৰকাশ কৰা এই ২১ ভুৱা বিশ্ব বিদ্যালয়ৰ ৮ খনেই আছে দিল্লীত। তদুপৰি উত্তৰ প্ৰদেশত এনে বিশ্ববিদ্যালয় ৪ খন থকাৰ বিপৰীতে দুখনকৈ পশ্চিমবংগ আৰু উৰিষ্যাত আছে। আনহাতে কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, পুডুচেৰী আৰু অন্ধ্ৰ প্ৰদেশতো এখনকৈ এনে ভুুৱা বিশ্ববিদ্যালয় চিনাক্ত কৰিছে ইউজিচিয়ে।
ইউজিচিয়ে এক ৰাজহুৱা জাননীৰ জৰিয়তে শিক্ষাৰ্থী আৰু সাধাৰণ ৰাইজক এই ভুৱা বিশ্ববিদ্যালয় কেইখনৰ বিষয়ে অৱগত কৰি কয় যে দেশৰ ভিন্ন প্ৰান্তত চলি থকা স্ব-নিৰ্মিত, অস্বীকৃত এনে বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় অনুদান আয়োগ আইন, ১৯৫৬ৰ উলংঘা কৰি আছে।
আয়োগে সদৰী কৰা মতে, বিশ্ববিদ্যালয় অনুদান আয়োগ আইন, ১৯৫৬ৰ অনুচ্ছেদ ২২(১) অনুসৰি কেৱল বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুচ্ছেদ ৩-ৰ অধীনত স্থাপিত কেন্দ্ৰীয়, ৰাজ্যিক, প্ৰাদেশিক আইন বা বিবেচিত বিশ্ববিদ্যালয়ৰ অধীনত স্থাপিত বিশ্ববিদ্যালয়বোৰেহে ডিগ্ৰী প্ৰদান কৰিব পাৰে। তেনে বিশ্ববিদ্যালয়ক সংসদীয় আইনৰ দ্বাৰা ডিগ্ৰী প্ৰদান কৰিবলৈ বিশেষভাৱে ক্ষমতা প্ৰদান কৰা হৈছে। অন্যহাতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুচ্ছেদ ২৩ মতে ওপৰোক্ত বোৰৰ বাহিৰে আন যিকোনো প্ৰতিষ্ঠানৰ দ্বাৰা ‘বিশ্ববিদ্যালয়’ শব্দটো ব্যৱহাৰ কৰিব নোৱাৰে।
ইউজিচিয়ে প্ৰকাশ কৰা ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা অনুসৰি দিল্লীত থকা ভুৱা বিশ্ববিদ্যালয় কেইখন হৈছে- ১. All India Institute of Public & Physical Health Sciences (AIIPPHS), ২. Commercial University Ltd, ৩. United Nations University, ৪. Vocational University, ৫. ADR-Centric Juridical University, ৬. Indian Institution of Science and Engineering, ৭. Viswakarma Open University for Self-employment আৰু ৮. Adhyatmik Vishwavidyalaya (Spiritual University)।
@ugc_india’s Public Notice regarding Fake Universities .
— UGC INDIA (@ugc_india) August 26, 2022
For more details, follow the link :https://t.co/6DZHenskT9.@PMOIndia @EduMinOfIndia @PIB_India @PTI_News @ani_digital pic.twitter.com/PKzG0pjQ3v
সেইদৰে উত্তৰ প্ৰদেশত থকা ভুৱা বিশ্ববিদ্যালয় কেইখন হৈছে, ১. Gandhi Hindi Vidyapith, ২. National University of Electro complex Homeopathy, Kanpur, ৩. Netaji Subhash chandra Bose Univirsity (open university), Achaltal আৰু ৪. Bhartiya Shiksha parishad, Bharat Bhawan।
ইউজিচিৰ মতে, পশ্চিম বংগত আৰু উৰিষ্যাত আছে দুখনকৈ ভুৱা বিশ্ববিদ্যালয়। সেই কেইখন হৈছে- ১. Indian Institute of Alternative Medicine, Kolkata, ২. Institute of Alternative Medicine and Research, Thakurpukur, Kolkata, উৰিষ্যাৰ ১. Nababharat Shiksha parishad, Rourkela আৰু ২. North orissa University of Agriculture & Technology, Mayurbhanj।
ইয়াৰোপৰি পুডুচেৰীৰ Sree Bodhi academy of Higher Education, অন্ধ্ৰপ্ৰদেশৰ Christ New Testament Deemed University, Guntur, কৰ্ণাটকৰ Badaganvi Sarkar World Open University Education Society, Belgaum, কেৰালাৰ St. John’s University, Kishanattam আৰু মহাৰাষ্ট্ৰৰ Raja Arabic University, Nagpurক ভুৱা বিশ্ববিদ্যালয় বুলি ঘোষণা কৰিছে ইউজিচিয়ে।









