অবিশ্বাস্য! ৰাজপথত গেলি পচি যোৱা কুকুৰৰ মাংস ভক্ষন কৰিলে এগৰাকী যুৱকে…

শনিবাৰে এক নাভূত-নাশ্ৰুত ঘটনাৰ সাক্ষী হ’ল ৰঙিয়াবাসী।

ৰাজপথত গেলি পচি যোৱা কুকুৰৰ মাংস ভক্ষন কৰিলে এগৰাকী যুৱকে।

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই নোহোৱা নোপোজা ঘটনা।

জানিব পৰা মতে, কিছুদিন পূৰ্বে ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী বাহনৰ খুন্দাত মৃত্যু মুখত পৰিছিল কুকুৰটো। লাহে লাহে কুকুৰটো ৰাজপথতে গেলিবলৈ ধৰে।

সেই গেলি পচি যোৱা মৃত কুকুৰটো শনিবাৰে জনচক্ষুৰ আগতে ভক্ষণ কৰে এগৰাকী যুৱকে।

কুকুৰটো ভক্ষণ কৰা লোকজন দুলীয়াজানৰ খগেন মোদক বুলি নিজকে চিনাকি দিয়ে।

খাদ্যৰ অভাৱত নে আন কি পৰিস্থিতিত যুৱকজনে এনেদৰে ৰাজপথত গেলি পচি যোৱা কুকুৰটো ভক্ষণ কৰিব লগা হ’ল সেই কথা জানিব পৰা হোৱা নাই।

অৱশ্যে এই ঘটনাই হতচকিত কৰি তুলিছে সকলোকে।