পুত্ৰই তিৱা যুৱতীক বিয়া কৰোৱাৰ বাবেই ৫ বছৰে এঘৰীয়া হ’বলগীয়া হ’ল এটা পৰিয়াল…

নিউজ ডেস্কঃ একেখন দেশৰ নাগৰিক আমি। একেই তেজ-মঙহৰে গঢ়া শৰীৰ, একেই মাত-কথা, খাদ্যাভাস। সাজ-পোছাকো একেই। মাথো বেলেগ আমাৰ জাতি!

কোৱা হয়- নানাৰঙী ফুলে সুশোভিত কৰে ফুলনি এখন। ভিন্ন জাতি-ধৰ্মই জাকত জিলিকা কৰি ৰাখিছে আমাৰ সমাজখনকো। কিন্তু এয়া যেন কেৱল শুনিবলৈহে ভাল। বাস্তৱত মানুহৰ মনবোৰত পোখা পেলা সংকীৰ্ণতাবোধে আমাৰ মাজত যেন এখন দেৱাল গঢ়িছে।

শেহতীয়াকৈ ৰাজ্যত পোহৰলৈ আহিছে সামাজিক সংকীৰ্ণতাৰ এনে বহু ঘটনা। অসবৰ্ণ বিবাহ হওক বা সামাজিক ৰীতি-নীতি পালন নকৰাৰ অপৰাধতে হওক, বছৰ বছৰ ধৰি এঘৰীয়া কৰি ৰখা হৈছে বহু পৰিয়ালক।

photo1661517945
পুত্ৰই তিৱা যুৱতীক বিয়া কৰোৱাৰ বাবেই ৫ বছৰে এঘৰীয়া হ’বলগীয়া হ’ল এটা পৰিয়াল… 2

মঙলদৈৰ পাতালসিং পাৰাৰ অতুল শৰ্মাৰ সৈতে ঘটি যোৱা ঘটনাৰ পিছতে উন্মোচন ঘটিছে তেনে ধৰণৰ আন বহু ঘটনা। বিশেষকৈ নিম্ন জাতিৰ যুৱতী বিয়া কৰোৱাৰ অপৰাধতে বহু পৰিয়ালক বছৰ বছৰ ধৰি এঘৰীয়া কৰি ৰাখিছে একো একোখন তথাকথিত সভ্য সমাজে।

নতুনকৈ সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত চৰ্চিত হৈছে যোৰহাটৰ এটা পৰিয়ালৰ কাহিনী। পৰিয়ালৰ এজন যুৱকে এগৰাকী তিৱা সম্প্ৰদায়ৰ যুৱতীক বিয়া কৰোৱাৰ অপৰাধতে বিগত ৫ বছৰ ধৰি পৰিয়ালটোক সমাজৰ পৰা নিলগাই ৰাখিছে ৰাইজে। গাঁৱৰ সকাম-নিকামে ভাগ লোৱাটো দূৰৰে কথা, দেখিলে মাত এষাৰ দিয়াটোও অপৰাধ এই পৰিয়ালটোৰ বাবে।

দৰাচলতে যোৰহাট নগৰৰ উপকণ্ঠ তৰাজান গুৱাল গাঁৱৰ ৰিণ্টু বৰুৱা আৰু ৰঞ্জু বৰুৱাৰ জ্যেষ্ঠ পুত্ৰ ৰাকেশ বৰুৱাই ৫ বছৰ পূৰ্বে বিয়া কৰাইছিল নগাঁৱৰ এগৰাকী তিৱা সম্প্ৰদায়ৰ যুৱতীক। কলিতা সম্প্ৰদায়ৰ যুৱকজনে নিজতকৈ নিম্ন জাতিৰ যুৱতীগৰাকীক বিয়া কৰোৱাটোৱেই আছিল একমাত্ৰ অপৰাধ।

তাৰ বাবেই বিগত ৫ বছৰ ধৰি পৰিয়ালটোক এঘৰীয়া কৰি ৰাখিছে গাঁৱৰ ৰাইজে। গাঁৱৰ সকাম নিকামে তেওঁলোকে ভাগ ল’ব নোৱাৰে, কাৰো ঘৰে-চোতালেও যাব নোৱাৰে। কোনোবাই তেওঁলোকক মাতিলে বা তেওঁলোকৰ ঘৰলৈ আহিলেও এঘৰীয়া কৰাৰ ভাবুকি দিয়া হৈছে।

বিগত ৫ বছৰে গাঁওবাসীৰ এই মানসিক অত্যাচাৰ নিৰৱে সহ্য কৰি আহিছিল ৰিণ্টু বৰুৱাৰ পৰিয়ালে। কিন্তু শেহতীয়াকৈ সামাজিক মাধ্যমত জাত-পাতক লৈ কেইবাটাও ঘটনা পোহৰলৈ অহাত বুকুত সাহস গোটাই সাংবাদিকৰ সন্মুখত নিজৰ পৰিয়ালটোৰ বিষয়েও উল্লেখ কৰে ৰিণ্টু বৰুৱাই।

সামাজিক ৰীতি-নীতিৰ নামত এনেদৰে এটা পৰিয়ালক বছৰ বছৰ ধৰি এলাগী কৰি মানসিক নিৰ্যাতন চলোৱা ঘটনাই নতুনকৈ সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। ৰিণ্টু বৰুৱাৰ পৰিয়ালেও বিচাৰিছে ন্যায়।