অসমত বন্ধ কৰা হ’ব ৩৪ খন চৰকাৰী বিদ্যালয়! টুইটযোগে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া…

নিউজ ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূণ্য ফলাফল প্ৰদৰ্শন কৰা ৩৪ খন চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। যাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন দল-সংগঠন তথা শৈক্ষিক মহলে।

ইয়াৰ মাজতে অসম চৰকাৰৰ এই সিদ্ধান্তক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও।

দিল্লীৰ চৰকাৰী শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিয়ে আজি সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। নিউয়ৰ্ক টাইমছৰ দৰে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় কাকতে প্ৰশংসা কৰিছে দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ।

কিন্তু এনে সময়তে অসমৰ ৩৪ খন বিদ্যালয়ৰ শৈক্ষিক মানদণ্ড উন্নত নোহোৱাৰ বাবেই চৰকাৰে বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেজৰিৱালে কয় যে বৰ্তমান স্কুল বন্ধ কৰাতকৈ নতুন নতুন চৰকাৰী স্কুল স্থাপন কৰাহে উচিত।

এটা সংবাদ মাধ্যমৰ বাতৰি ৰিটুইট কৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে, ‘বিদ্যালয় বন্ধ কৰাটোৱেই সমাধান নহয়। এতিয়া আমি সমগ্ৰ ভাৰতত অনেক নতুন বিদ্যালয় খোলাটোহে প্ৰয়োজন। বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে তাৰ সংশোধন কৰি শিক্ষাৰ মানদণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত।’

উল্লেখ্য যে, অসমৰ শিক্ষা ব্যৱস্থাক লৈ বিগত সময়ত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী মাধ্যমৰ ব্যৱহাৰৰ কেবিনেটৰ সিদ্ধান্তৰ পৰা চৰকাৰী বিদ্যালয় বন্ধ কৰিবলৈ চলোৱা যো-জালৈকে এনেধৰণৰ সিদ্ধান্তৰ বিৰোধিকা কৰি আহিছে বিভিন্ন দল-সংগঠনে।