অসম

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ বিশেষ খবৰ, অহা ২৬ আৰু ২৭ আগষ্টত বিশেষ নৈমিত্তিক ছুটীৰ অনুমোদন

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এক বিশেষ খবৰ।

চৰকাৰে অহা ২৬ আগষ্ট আৰু ২৭ আগষ্টত চৰকাৰে বিশেষ নৈমিত্তিক ছুটীৰ অনুমোদন কৰিছে।

সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৭ তম বার্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব বিচৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী/প্রতিনিধিসকলৰ বাবে চৰকাৰে এই বিশেষ সুবিধা প্ৰদান কৰিছে।

image 180

জানিব পৰা মতে, ৰাজ্য চৰকাৰে এক অধিসূচনাযোগে উক্ত দিন দুটাৰ বাবে বিশেষ নৈমিত্তিক ছুটীৰ অনুমোদন কৰিছে।

উল্লেখ্য যে, আগন্তুক ২৭ আগষ্ট (শনিবাৰ) আৰু ২৮ আগষ্ট (দেওবাৰ)এ শিলচৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৩৭ তম বার্ষিক সন্মিলন অনুষ্ঠিত হ’ব।