টেটৰ চাকৰি সন্দৰ্ভত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুই কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য।
‘টেট পাছ কৰিলেই নাপাব শিক্ষকৰ চাকৰি৷’
‘যিমান খালী পদ আছে তাৰ বিপৰীতেহে পাব চাকৰি।’
সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত শিক্ষা মন্ত্ৰী পেগুৱে কয় যে, ‘ডাক্তৰী পাছ কৰিলেই সকলোৱে চাকৰি নাপায়, প্ৰত্যেকজন ইঞ্জিনীয়াৰ গ্ৰেজুৱেটে চাকৰি নাপায়। এতেকে টে’ট পাছ কৰা সকলোৱে চৰকাৰী চাকৰি নাপাবও পাৰে।’
এই কথা বাৰম্বাৰ চৰকাৰৰ তৰফৰ পৰা কৈ অহা হৈছে বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে৷
তেওঁ কয়- টে‘’ট হৈছে এটা যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা৷ এতিয়া এই পৰীক্ষাৰ লগত চাকৰি পাবলৈ বি এড, ডি এল এড লাগে। তদুপৰি যিমান খালী পদ আছে তাৰ বিপৰীতে নম্বৰৰ এটা প্ৰতিযোগিতা হয়। গতিকে একাংশ থাকি যায়।
কিন্তু তাৰ কাৰণে আন্দোলনৰ ভাবুকি যুক্তিসংগত নহয়। কাৰণ শিক্ষা বিভাগত যিমান খালী পদ আছে তাৰ বিপৰীতেহে চাকৰি পাব।- শিক্ষামন্ত্ৰী।
ইপিনে অসমৰ চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ হাজাৰ কোটি টকা ঘোষণা কৰা হৈছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।









