প্ৰসংগ- ইণ্টাৰনেট বন্ধ! চৰকাৰৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন…

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা।

ইতিমধ্যে ২১ আগষ্টত অনুষ্ঠিত হৈ যায় চতুৰ্থ বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা।

পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কেতবোৰ কঠোৰ পদক্ষেপ।

আনকি পৰীক্ষা অনুষ্ঠিত দিন দুটাত আগবেলা দুঘণ্টা আৰু পিছবেলা দুঘণ্টাকৈ মুঠ চাৰিঘণ্টা ইণ্টাৰনেট বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

হোৱাটছএযোগে কোনেও প্ৰশ্নকাকত ভাইৰেল কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ।

এই সন্দৰ্ভত ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে ন্যায়ালয়ৰ মজিয়া পালেগৈ চৰকাৰীভাৱে ইণ্টাৰনেট বন্ধ কৰাৰ নিৰ্দেশনাৰ প্ৰসংগ।

ৰাজ্য চৰকাৰৰ এই পৰিকল্পনাহীন সিদ্ধান্তক প্রত্যাহ্বান জনাই সামাজিক ক্ষেত্ৰৰ সক্ৰিয় কৰ্মী গুৱাহাটীৰ ৰাজু প্ৰকাশ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছে।

ৰাজ্য চৰকাৰে অহা ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ দিনাও বন্ধ কৰিব ইণ্টাৰনেট সেৱা, তাৰ প্ৰাকমুহূৰ্তত আজি ইণ্টাৰনেট ফ্রিডম ফাউণ্ডেছন নামৰ সংগঠনটোৰ সহযোগত ৰাজু প্ৰসাদ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এই লেখ আবেদনখন দাখিল কৰিছে।

উল্লেখ্য যে, চৰকাৰৰ এই ইন্টাৰনেট কৰ্তন কৰা সিদ্ধান্তৰ ফলত, উক্ত দিনটোত ব্যৱসায়িক প্ৰতিষ্ঠানবোৰে যথেষ্ট লোকচানৰ সন্মুখীন হোৱাৰ লগতে যাত্ৰী আৰু সাধাৰণ জনতাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল।