অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! দুখন বাইকৰ সংঘৰ্ষত দুজন লোকৰ কৰুণ মৃত্যু, আহত দুই…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুখন বাইকৰ ভয়ংকৰ সংঘৰ্ষত দুজন লোকৰ কৰুণ মৃত্যু।

ক্ষেত্ৰীৰ নলগেদৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

জানিব পৰা মতে শনিবাৰে সন্ধিয়া এ এছ ০১ ইএছ ০৮৮১ নম্বৰৰ পালছাৰ আৰু এ এছ ০১ বিডি ৪৩৫০ নম্বৰৰ হোণ্ডা শ্বাইনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত নিহত হোৱা লোক দুজনৰ এজন সোনাপুৰৰ শোণিত দাস আৰু আনজন মণ্টু দৈমাৰী বুলি চিনাক্ত কৰা হৈছে।

আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *