অসম

প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ, বনৰজাক চাবলৈ ৰাইজৰ হেতাওপৰা…

নাহৰকটীয়া চাচনীৰ শিঙিবিল দেওধাই গাঁৱত পিঞ্জৰাবদ্ধ এটা প্ৰকাণ্ড নাহৰফুটুকী।

খাদ্যৰ সন্ধানত মেৰবিল পৰ্যটন প্ৰকল্পৰ ঘন জংঘলৰ পৰা ওলাই অহা নাহৰফুটুকীটোৱে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজৰ পোহনীয়া জীৱ জন্তু ভক্ষণ কৰি একপ্ৰকাৰৰ সন্তাসৰ সৃষ্টি কৰি আহিছিল।

স্থানীয় ৰাইজে বন বিভাগক বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ বাৰম্বাৰ আবেদন নিবেদন কৰিছিল যদিও বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ কোনো ধৰণৰ ব্যবস্থা নকৰিলে বন বিভাগে।

যাৰ পৰিণতিত গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি এটা পিঞ্জৰাৰ ব্যৱস্থা কৰে আৰু সেই পিঞ্জৰাতে শনিবাৰে নিশা আৱদ্ধ হয়  প্ৰকাণ্ড নাহৰফুটুকীটো।

ইফালে, নাহৰফুটুকী বাঘটো পিঞ্জৰাবন্ধ হোৱাৰ খবৰ গাঁওখনত বন জুইৰ দৰে বিয়পি পৰাত বনৰজাক এপাক ওচৰৰ পৰা চাবলৈ ভিৰ কৰেহি স্থানীয় ৰাইজে।

স্থানীয় ৰাইজে পতা পিঞ্জৰাত বাঘটো পিঞ্জৰাবদ্ধ হোৱাৰ পিছতেই ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষী এটা দল উপস্থিত হৈ নাহৰফুটুকীটো উদ্ধাৰ কৰি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মোকলাই দিয়ে।

গাঁওখনত আতংকৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘটো পিঞ্জৰাবদ্ধ হোৱাত এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে স্থানীয় ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *