নিউজ ডেস্কঃ সদ্য প্ৰয়াত আত্মীয়ৰ এমহীয়া সকামৰ পৰা উভতি অহাৰ পথতে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল ৬ জনকৈ লোকৰ। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে তামিলনাডুৰ আট্টুৰৰ সমীপৰ ছালেম জিলাত।
জানিব পৰা মতে, এগৰাকী সদ্য প্ৰয়াত আত্মীয়ৰ এমহীয়া সকামৰ অনুষ্ঠানৰ পৰা এখন অমনি ভেনত ওভতিছিল ১১ জনকৈ লোকে। তেওঁলোকে ছেলেম-চেন্নাই হাইৱেৰে’ গৃহাভিমুখে আহি থকাৰ সময়তে অট্টামপাৰি দলঙৰ সময়ত বিপৰীত দিশৰ পৰা অহা এখন দ্ৰুতবেগী বাছৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

এই ভয়ংকৰ দুৰ্ঘটনাটোত অমনি ভেনখনত থকা ৫ জনকৈ লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে বাকী ৬ জন গুৰুতৰভাৱে আহত হয়। আহত সকলক স্থানীয় লোকে উদ্ধাৰ কৰি আট্টুৰ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে। কিন্তু হাস্পতালত চিকিৎসাধীন অৱস্থাতে পুনৰ মৃত্যু ঘটে এগৰাকী ১১ বছৰীয়া কিশোৰীৰ।

অন্যহাতে নিহত সকলক বাহনখনৰ চালক ৰাজেশ, সন্ধ্যা, সাৰণ্য, ৰম্য, সুগন্যা বুলি চিনাক্ত কৰা হৈছে। হাস্পতালত মৃত্যু ঘটা কিশোৰীগৰাকীৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।









