শিক্ষকৰ পৰা ১২੦੦ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ প্ৰধান শিক্ষক

নিউজ ডেস্ক। পুনৰ ভিজিলেঞ্চৰ জালত পৰিল দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী।

এইবাৰ মৰিগাঁও জিলাত এগৰাকী শিক্ষকৰ পৰা ১২੦੦ টকাৰ উৎকােচ লৈ হাতে-লােটে ধৰা পৰিল এগৰাকী প্ৰধান শিক্ষক।

এই প্ৰধান শিক্ষকগৰাকী হৈছে মৰিগাঁও জিলাৰ মইৰাবাৰীৰ হাতীমূৰীয়া এম ভি স্কুল প্ৰধান শিক্ষক দিদাৰুল ইছলাম।

image 163
শিক্ষকৰ পৰা ১২੦੦ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ প্ৰধান শিক্ষক 3

জানিব পৰা মতে, লাহৰীঘাট শিখা খণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনৰ পৰা বদলি হােৱা এগৰাকী শিক্ষকৰ চাৰ্ভিচ বুক আৰু এলপিচিৰ কাম কৰি দিয়াৰ বিনিময়ত ১২੦੦ টকাৰ উৎকােচ লৈছিল প্ৰধান শিক্ষকগৰাকীয়ে।

তেনে সময়তে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়, অসমৰ অভিযানকাৰী দলে তেওঁ হাতে-লােটে গ্ৰেপ্তাৰ কৰে।

image 164
শিক্ষকৰ পৰা ১২੦੦ টকাৰ ঘােচ লৈ গ্ৰেপ্তাৰ প্ৰধান শিক্ষক 4

সম্প্ৰতি বিদ্যালয়খনতে প্ৰধান শিক্ষকগৰাকীক জেৰা চলাইছে ভিজিলেঞ্চৰ দলে।