মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমদল যুৱ কংগ্ৰেছৰ, আটক অংকিতা দত্তসহ শতাধিক কংগ্ৰেছ কৰ্মীক

নিউজ ডেস্কঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আটক হ’বলগীয়া হ’ল যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত।

চৰাউদেউ জিলাৰ সোণাৰিত মূল্যবৃদ্ধিক লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে আৰক্ষীয়ে আটক কৰে অংকিতা দত্তসহ কেইবাগৰাকীও কংগ্ৰেছী নেতা-কৰ্মীক।

photo1661001007
মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমদল যুৱ কংগ্ৰেছৰ, আটক অংকিতা দত্তসহ শতাধিক কংগ্ৰেছ কৰ্মীক 5

উল্লেখ্য যে, শনিবাৰে চৰাইদেউ জিলা আৰু সোণাৰি সমষ্টি যুৱ কংগ্ৰেছৰ দায়িত্বভাৰ গ্ৰহণ কাৰ্যসূচীত অংশগ্ৰহণৰ পিছতে সোণাৰিস্থিত ৰাজীৱ ভৱনৰ পৰা মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰে যুৱ কংগ্ৰেছে।

photo1661001008
মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমদল যুৱ কংগ্ৰেছৰ, আটক অংকিতা দত্তসহ শতাধিক কংগ্ৰেছ কৰ্মীক 6

কিন্তু এই সমদলত চৰাইদেউ আৰক্ষীয়ে বাধা প্ৰদান কৰাত কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

photo1661001009
মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমদল যুৱ কংগ্ৰেছৰ, আটক অংকিতা দত্তসহ শতাধিক কংগ্ৰেছ কৰ্মীক 7

যাৰ পৰিণতিত যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত, প্ৰদেশ কংগ্ৰেছ সম্পাদক উৎপল গগৈ, সুৰুজ দিহিঙ্গীয়াসহ শতাধিক কংগ্ৰেছ প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে।

photo1661001009 1
মূল্যবৃদ্ধিৰ বিৰুদ্ধে সমদল যুৱ কংগ্ৰেছৰ, আটক অংকিতা দত্তসহ শতাধিক কংগ্ৰেছ কৰ্মীক 8

আটক কৰাৰ পিছত অংকিতা দত্তক মহিলা আৰক্ষীয়ে চোঁচৰাই থানালৈ লৈ যোৱাও পৰিলক্ষিত হয়।