এক শোকাৱহ ঘটনা।
বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিত দুজন যুৱকৰ।
তিনিচুকীয়াৰ গুইজানৰ সমীপৰ ডিব্ৰু নদীৰ কলিয়াপানী ঘাটত এই অঘটন।
নিহত দুই যুৱক ক্ৰমে তিনিচুকীয়াৰ বৰগুৰিৰ মাধুৰ্য কলিতা (২০) আৰু আন জনৰ নাম ৰিশৱ গোহাঁই (২২) বুলি জানিব পৰা গৈছে।
তিনিচুকীয়াৰ কলিয়াপানী ঘাটত গা ধুবলৈ যোৱা ৫ বন্ধুৱে পানীত খেলি থকাৰ সময়তে এক সংঘটিত হয় এই শোকাৱহ ঘটনা।
আনহাতে আন তিনজন যুৱকক উদ্ধাৰ কৰা হয় যদিও তেওঁলোকৰ অৱস্থআ এই পৰ্যন্ত সংকটজনক বুল জানিব পৰা গৈছে।
সেই ডিব্ৰু নদীত উদ্ধাৰ অভিযান চলাই সন্ধিয়ালৈ দুয়োগৰাকী যুৱককে মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, বিগত সময়চোৱাত ডিব্ৰু নদীত গা ধুবলৈ গৈ বহু লোকৰ মৃত্যু হৈ থকাৰ সময়তে আজি পুনৰ সংঘটিত হোৱা এনে ঘটনাৰ বাবে সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ।









