বিয়াৰ তিনিমাহ পিছত মধুচন্দ্ৰিকাৰ বাবে যাত্ৰা কৰিছিল ৰােহিত-মানসী, যাত্ৰাপথত ঘটিল এই ভয়াৱহ ঘটনা

নিউজ ডেস্কঃ তিনিমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈ জীৱনৰ কিছু সুখৰ মুহূৰ্ত একেলগে পাৰ কৰাৰ মানসেৰে মানালীলৈ গৈ আছিল এহাল দম্পতী।

কিন্তু আধা বাটতে দুয়োৰে জীৱনলৈ নামি আহিল কাল সন্ধ্যা। এক ভংয়কৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় পতি-পত্নী দুয়োজনে।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথৰ ১৭ মাইলত।

এখন ট্ৰাক আৰু এখন থাৰ বাহনৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত প্ৰাণ হেৰুৱায় মাথো তিনিমাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা উত্তৰ প্ৰদেশৰ দম্পতীহালে।

photo1660915422
বিয়াৰ তিনিমাহ পিছত মধুচন্দ্ৰিকাৰ বাবে যাত্ৰা কৰিছিল ৰােহিত-মানসী, যাত্ৰাপথত ঘটিল এই ভয়াৱহ ঘটনা 5

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ ললিতপুৰ জিলাৰ তালবেহাট তহচিলৰ কাকৰি গাঁৱৰ নিৱাসী ৰোহিত কৌশিক (২৩) আৰু মানসী (২৩) নামৰ নৱ বিবাহিত দম্পতীহালে তেওঁলোকৰ মধুচন্দ্ৰিকা যাপনৰ বাবে মানালীলৈ গৈ আছিল।

এখন থাৰ বাহনেৰে দম্পতীহালে গৈ থকাৰ সময়তে মানালী পাবলৈ মাত্ৰ ১১ কিলোমিটাৰ বাকী থকা অৱস্থাত বৃহস্পতিবাৰে নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

image 149
বিয়াৰ তিনিমাহ পিছত মধুচন্দ্ৰিকাৰ বাবে যাত্ৰা কৰিছিল ৰােহিত-মানসী, যাত্ৰাপথত ঘটিল এই ভয়াৱহ ঘটনা 6

বিপৰীত দিশৰ পৰা এইচপি-৬৪-৬৬৬৭ নম্বৰৰ এখন তীব্ৰবেগী ট্ৰাকে থাৰখনত তীব্ৰ জোৰে খুন্দা মৰাত থাৰ খন চিন্ন বিচ্চিন্ন হৈ চিটিকি পৰে। যাৰ ফলত ৰোহিত আৰু মানসীৰ থিতাতে মৃত্যু ঘটে।

photo1660915492
বিয়াৰ তিনিমাহ পিছত মধুচন্দ্ৰিকাৰ বাবে যাত্ৰা কৰিছিল ৰােহিত-মানসী, যাত্ৰাপথত ঘটিল এই ভয়াৱহ ঘটনা 7

ইফালে এই দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাক চালকজনে।

দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

photo1660915498
বিয়াৰ তিনিমাহ পিছত মধুচন্দ্ৰিকাৰ বাবে যাত্ৰা কৰিছিল ৰােহিত-মানসী, যাত্ৰাপথত ঘটিল এই ভয়াৱহ ঘটনা 8

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ট্ৰাক চালকজনে ভুল দিশেৰে আহি থকাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা। আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি পলাতক চালকজনৰ সন্ধান চলাই আছে।

অন্যহাতে এই দুৰ্ঘটনাৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে ৰোহিত আৰু মানসীৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।

মধুচন্দ্ৰিকা যাপন কৰিবলৈ গৈ এনেদৰে দুয়োৰে মৃত্যু ঘটাত শোকত ভাগি পৰিছে দুয়োৰে পৰিয়াল।