নিউজ ডেস্ক। পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ শুনানিৰ মাজতে সংঘটিত হ’ল এক শিহৰণকাৰী ঘটনা।
আদালতৰ চৌহদতে নিজ পত্নীৰ ডিঙিত ঘপিয়াই হত্যা কৰিলে স্বামীয়ে।
এই ভয়ংকৰ ঘটনা সংঘটিত হ’ল কৰ্ণাটকত।

কৰ্ণাটকৰ হাছান জিলাৰ এখন পাৰিবাৰিক আদালতত সংঘটিত এক ভয়ানক ঘটনাই শিহৰিত কৰি তুলিছে সভ্য সমাজক।
এই ভয়ংকৰ ঘটনাটো প্ৰত্যক্ষ কৰাৰ পিছতে ন্যায়াধীশ, অধিবক্তা তথা অন্যান্য লোকসকল হতবাক হৈ পৰে।
শিৱ কুমাৰ নামৰ লােকজনে সকলোৰে সন্মুখতে ডিঙিত ঘপিয়াই দিয়ে নিজৰ পত্নী চিত্ৰাক ।
স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা পত্নীগৰাকীক ততালিকে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তেওঁক মৃত্যুৰ পৰা ৰক্ষা কৰিব পৰা নগ’ল।
ইতিমধ্যে, অভিযুক্ত লােকজনৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।

জানিব পৰা মতে, কৰ্ণাটকৰ হাছান জিলাৰ হোলেনৰচিপুৰত অৱস্থিত এই পাৰিবাৰিক আদালতত ৩২ বছৰীয়া শিৱকুমাৰ আৰু ২৮ বছৰীয়া চিত্ৰাই বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াৰ সন্মুখীন হৈছিল।
ঘটনা সংঘটিত হোৱাৰ দিনা চিত্ৰা শৌচালয়লৈ যোৱাৰ সময়তে শিৱকুমাৰে পিছফালৰ পৰা চিত্ৰাক চুৰিৰে আক্ৰমণ কৰিছিল।
সকলোৱে চিত্ৰাৰ চিঞৰ বাখৰ শুনি দৌৰি আহিছিল।
শিৱকুমাৰে পলাই যাবলৈ চেষ্টা কৰিছিল যদিও উপস্থিত লোকসকলৰ প্ৰচেষ্টাত এই প্ৰচেষ্টা ব্যৰ্থ হয়। তেওঁলোকে শিৱকুমাৰক কৰায়ত্ত কৰি আৰক্ষীৰ হাতত গতাই দিয়ে।
আনহাতে, চিত্ৰাক এখন এম্বুলেন্সত স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও অত্যাধিক ৰক্তক্ষৰণৰ ফলত যুৱতীগৰাকীৰ মৃত্যু হয়।
সূত্ৰ অনুসৰি, চিত্ৰাই শিৱকুমাৰৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছিল।
সেইকাৰণে পাৰিবাৰিক আদালতত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গোচৰ চলি আছিল। অৱশ্যে, শুনানিৰ সময়ত, শিৱকুমাৰ আৰু চিত্ৰা দুয়ো ন্যায়াধীশৰ সন্মুখত পুনৰ একেলগে থাকিবলৈ সন্মত হৈছিল, কিন্তু তাৰ পিছতে এই ঘটনা সংঘটিত হয়।
কৰ্ণাটক আৰক্ষীয়ে শিৱকুমাৰৰ বিৰুদ্ধে এটা হত্যাৰ গোচৰ ৰুজু কৰিছে।
আৰক্ষীৰ তৰফৰ পৰা শিৱকুমাৰে কেনেকৈ চুৰি লৈ আদালত চৌহদত প্ৰৱেশ কৰিছিল তাৰ তদন্ত অব্যাহত ৰাখিছে।
প্ৰাথমিক অনুসন্ধানত, শিৱকুমাৰ চিত্ৰাক হত্যা কৰাৰ পৰিকল্পনা কৰিয়ে আদালতলৈ আহিছিল বুলি স্পষ্ট হৈ পৰিছে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল










