১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ বাবে ৰাইজক আহ্বান চৰকাৰৰ।
ভাৰত-পাকিস্তানৰ বিভীষিকাময় বিভাজনৰ ফলত নিজৰ ঠিকনা আৰু প্ৰাণ হেৰুওৱা লক্ষ-লক্ষ ভাৰতীয়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে চৰকাৰে ১৪ আগষ্টৰ দিনটো বিভাজন বিভীষিকা স্মৃতি দিৱস হিচাবে পালন কৰিবলৈ আহ্বান জনাইছে।
দেশ বিভাজনৰ ফলত নিজৰ ঘৰ, ঠিকনা আৰু প্ৰাণ হেৰুওৱাসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে অসমবাসীক নিজ নিজ বাসগৃহত সন্ধিয়া এগছিকৈ বন্তি প্রজ্জ্বলন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
উল্লেখ্য যে ১৯৪৭ চনৰ ১৪ আগষ্টত দেশ বিভাজনৰ ফলত সৃষ্টি হোৱা হিংসাত্মক ঘটনাৱলীত লক্ষ লক্ষ ভাৰতীয়ই নিজৰ ঘৰ, ঠিকনা আৰু প্ৰাণ হেৰুৱাইছিল।
ধৰ্মনিৰপেক্ষ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিক আৰু নৱপ্ৰজন্মক সেই কথা সোঁৱৰাই দিয়াৰ লগতে অহিংসা আৰু শান্তি-সম্প্রীতি অটুট ৰখাৰ উদ্দেশ্যে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালন কৰিবলৈ আহ্বান জনাইছে চৰকাৰে।









