আলফালৈ যোৱাৰ মন! সামাজিক মাধ্যমত পোষ্ট কৰি গ্ৰেপ্তাৰ চৰকাৰী বিষয়াৰ পত্নী

নিউজ ডেস্কঃ ৰাজ্যত বিগত সময়ত নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সমৰ্থনত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি গ্ৰেপ্তাৰ হৈছে বহু যুৱক-যুৱতী। ইয়াৰ মাজতে এইবাৰ আলফালৈ যোৱাৰ মন মেলি নগাঁও আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল এগৰাকী চৰকাৰী বিষয়াৰ পত্নী।

জানিব পৰা মতে, শিপ্ৰা দত্ত দাস (৪৬) নামৰ এগৰাকী মহিলাই শেহতীয়াকৈ আলফা স্বাধীনলৈ যোৱাৰ ইচ্ছা ব্যক্ত কৰি ছ’চিয়েল মিডিয়াত এটা কমেণ্ট কৰিছিল।

ইয়াৰ পিছতে নগাঁও আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত ৮৩৫/২০২২ নম্বৰত এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰি মঙলবাৰে নিশা গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক।

photo1660202841
আলফালৈ যোৱাৰ মন! সামাজিক মাধ্যমত পোষ্ট কৰি গ্ৰেপ্তাৰ চৰকাৰী বিষয়াৰ পত্নী 2

এটি ৮ বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ তথা এগৰাকী চৰকাৰী বিষয়াৰ পত্নী শিপ্ৰা দত্ত দাসে কি কাৰণে আলফালৈ যোৱাৰ মন মেলিছিল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।

আনহাতে একে দিনাই সামাজিক মাধ্যমত আলফালৈ যোৱাৰ ইচ্ছা ব্যক্ত কৰা আন এজন যুৱককো ননৈৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

নৱ বৰা (২৫) নামৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত ননৈৰ যুৱকজনেও ফেচবুকত আলফালৈ যোৱাৰ কথা ব্যক্ত কৰাৰ পিছতে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি নিজৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

মহিলা গৰাকী আৰু যুৱকজনক বুধবাৰে আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।