জনতা ভৱনত ১০৮ মৃত্যুঞ্জয় সেৱা বাহন মুকলি, ৰাজ্যত ১৫০খন মত্যুঞ্জয় সেৱাৰ বাহন ক্ৰয়…

জনতা ভৱনত ১০৮ মৃত্যুঞ্জয় সেৱা বাহন মুকলি।

মৃত্যুঞ্জয় সেৱালৈ অসম চৰকাৰৰ ১৫০ খন নতুন বেচিক লাইফ চাপৰ্ট এম্বুলেঞ্চ।

আজি জনতা ভৱনত প্ৰথম পৰ্যায়ত ৮৩খন 108 বাহন মুকলি কৰা হয়। ৪ কোটি টকা ব্যয়ৰে ক্ৰয় কৰা হৈছে ১৫০খন বাহন।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এই বাহনসমূহ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ২০০৮ চনৰ ৬ নৱেম্বৰত 108 সেৱা আৰম্ভ হৈছিল। প্ৰথম অৱস্থাত অতি কম বাহনেৰে সেৱা আগবঢ়োৱা হৈছে। এতিয়া ৰাজ্যত ৮০০খন 108 সেৱা বাহন আছে। ৩ কোটি ৯১ লাখে লোকে ফোন কৰিছে মৃত্যুঞ্জয় সেৱালৈ। ১৯ লাখ গৰ্ভৱতী মহিলাক সুবিধা প্ৰদান কৰিছে। ২ লাখ মানুহ মৃত্যুৰ পৰা 108 সেৱাৰ জৰিয়তে ৰক্ষা পৰিছে।

প্ৰত্যেক এবছৰৰ মূৰে মূৰে এশ খন বাহন সলনি কৰি থকা হৈছে। প্ৰথমে কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াইছিল যদিও এতিয়া স্ব–অগ্ৰাধিকাৰ পুঁজিৰ জৰিয়তে বাহনসমূহ ৰিপ্লেছমেণ্ট কৰা হৈছে- মুখ্যমন্ত্ৰী।

আনহাতে স্বীকৃতি পালে ধুবুৰী মেডিকেল কলেজে। অসমত এতিয়া স্বীকৃতিপ্ৰাপ্ত মেডিকেল কলেজ ৯ খনলৈ বৃদ্ধি।

মুখ্যমন্ত্ৰী শৰ্মাই কয়- অহা বছৰ কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজৰ এখন আৰম্ভ। পূজাৰ পূৰ্বে ৫খন মেডিকেল কলেজৰ কাম আৰম্ভ হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। ২০৩০ চনৰ ভিতৰত বছৰত ২ হাজাৰ চিকিৎসক উলিওৱাৰ লক্ষ্য লোৱা হৈছে।